ছিংগাপুৰৰ  ক’ৰোনাৰ্ছ ক’ৰ্টৰ ৰায়দানক লৈ প্রতিক্রিয়া প্রকাশ মুখ্যমন্ত্ৰীৰ

ছিংগাপুৰৰ  ক’ৰোনাৰ্ছ ক’ৰ্টৰ ৰায়দানক লৈ প্রতিক্রিয়া প্রকাশ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ছিংগাপুৰৰ ক’ৰোনাৰ্ছ ক’র্টে প্রদান কৰা ৰায়দানক লৈ প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ছিংগাপুৰৰ ক’ৰোনাৰ্ছ ক’র্টে প্ৰদান কৰা ৰায়দান প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই কয়- ছিংগাপুৰ আদালতৰ ৰায় আৰু চৰকাৰে দাখিল কৰা অভিযোগনামাৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও উল্লেখ কৰিছে যে জুবিন গার্গে মদ্যপান কৰিছিল। কিন্তু তেওঁক সুৰা খুৱাই দিয়া হৈছিল। গতিকে মই ভাবোঁ যে ছিংগাপুৰৰ ৰায়দানে অসমত চলি থকা গোচৰটো শক্তিশালীহে কৰিব। কাৰণ ছিংগাপুৰ ক’র্টে উল্লেখ কৰিছে যে ৩৮০ এমএল এলকহল জুবিনৰ শৰীৰত পোৱা গৈছে। আমাৰ অভিযোগনামাতো এই কথা উল্লেখ আছে। ছিংগাপুৰত সংঘটিত দুৰ্ঘটনাৰ আগদিনা ৰাতিৰ পৰাই জুবিনক সুৰাপান কৰাৰ কথা আদালতত উল্লেখ কৰিছে। এই কথা আমাৰো অভিযোগনামাত উল্লেখ আছে। মাত্ৰ আমাৰ অভিযোগনামাত উল্লেখ আছে যে তেওঁক সুৰা খুৱাই দিয়া হৈছিল। উদ্দেশ্যপ্রণোদিতভাৱে জুবিনক মদ খুওৱা হৈছিল। সেই কাৰণে মই প্রথমৰ পৰাই কৈছোঁ যে অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীতকৈ বেছি ভাল কাম কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয়- এই তদন্তৰ  ক্ষেত্রত বহু লোকে অসম আৰক্ষীক তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱাৰ কথা কৈছিল। যদি অসম আৰক্ষী ছিংগাপুৰলৈ গ’লহেঁতেন তেন্তে কি পালেহেঁতেন? যোৱা সময়ছোৱাত অখিল গগৈ, দুলু আহমেদে কি কৈ আছিল? তেওঁলোকৰ দাবী-অসম আৰক্ষী ছিংগাপুৰলৈ যাব লাগে। ছিংগাপুৰলৈ গ’লে আমাৰ কি অৱস্থা হ’লহেঁতেন? আমি যে সঠিক দিশত গৈ আছিলোঁ সেয়া ছিংগাপুৰৰ ৰায়ে স্পষ্ট কৰিছে। আমাৰ কথাৰ লগত ছিংগাপুৰৰ আদালতৰ কথাৰ পাৰ্থক্য নাই। ছিংগাপুৰৰ আদালতে কৈছে যে জুবিন গাৰ্গক আগনিশাৰ পৰাই মদ্যপান কৰোৱা হৈছিল। আমিও কৈছোঁ অমৃতপ্ৰভাই ৰাতিৰ পৰাই তেওঁক ষড়যন্ত্ৰৰ আধাৰত মদ খুৱাইছিল। গতিকে আজি অন্ততঃ অসমৰ মানুহে বুজি পাব আমি ৰাজনীতিৰ পৰা দূৰত থাকি যিমান গুৰুত্বসহকাৰে কাম কৰিছোঁ, ছিংগাপুৰত গ’লে ইয়াৰ কোনো ফলাফল নাপালোঁহেঁতেন। ছিংগাপুৰত নোযোৱাৰ বাবে আমাক কিমান গালি পৰা হৈছিল। কিন্তু আমি জানিছিলোঁ যে বেংক একাউন্ট ইয়াত, ষড়যন্ত্র অসমত হৈছে, ছিংগাপুৰত গৈ আমি কি কৰিম? ছিংগাপুৰৰ ৰায়ে প্ৰমাণ কৰিছে অসম আৰক্ষী ছিংগাপুৰলৈ নোযোৱাটো কিমান ভাল হৈছে। মুখ্যমন্ত্রীয়ে আজি ইয়াকো কয়- নিৰ্বাচনৰ পাছত জুবিনৰ অভিযোগনামাৰ ওপৰত আলোচনা কৰিম।