ছিংগাপুৰৰ উপ-প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক এডভান্টেজ আছাম ২.০ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখন সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে সাম্প্রতিক ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্ৰখনৰ উপ-প্রধানমন্ত্রী গেন কিম য়ঙক সাক্ষাৎ কৰে। ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজৰ ক্ৰমবর্ধিত অংশীদাৰিত্বত অসমে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তি তথা উদ্ভাৱন আধাৰিত উদ্যোগৰ অন্যতম কেন্দ্র হিচাপে অসমক পৰিগণিত কৰাৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আন্তৰিক পদক্ষেপৰ কথা ব্যক্ত কৰে। অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পর্ক অধিক শক্তিশালী কৰাৰ দিশত দেখুওৱা দায়বদ্ধতাৰ বাবে এই বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্ৰখনৰ উপ-প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতেও এক গুৰুত্বপূৰ্ণ তথা ফলপ্রসূ বৈঠকত মিলিত হয়। এই বৈঠকত অংশগ্রহণ কৰা টাটা ইলেক্ট্র’নিক্স, ফুজি মেচিন মেন্যুফেকচাৰিং, কী চাইট টেক, নর্ডচন কর্প, লিনটেক কর্প, কহু ইংক, ইক’চফ্ট, টপ্পান ফট’মাস্ক, ছিংগাপুৰ বিজনেছ ফেডাৰেচন আৰু ইণ্ডিয়ান অছিয়ান গোটৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্রীগৰাকীয়ে বৈঠকত মন্তব্য কৰে যে এডভান্টেজ আছাম ২.০ শীর্ষক সন্মিলনত বিশ্বাসযোগ্য যোগান শৃংখল আৰু সংযোগৰ জৰিয়তে অসমক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ অসম চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে। এই বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকে এডভান্টেজ আছাম ২.০ শীর্ষক সন্মিলনত অংশগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আশা প্রকাশ কৰে।
ছিংগাপুৰ ভ্ৰমণকালতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰাষ্ট্ৰখনত এখন ৰোড শ্ব’তো অংশগ্ৰহণ কৰে। ২০০তকৈ অধিক প্ৰতিষ্ঠানৰ ব্যৱসায়িক নেতৃবৃন্দই অংশগ্ৰহণ কৰা এই ৰোড শ্ব’ত মুখ্যমন্ত্রীগৰাকীয়ে প্ৰতিগৰাকী সম্ভাব্য বিনিয়োগকাৰীক ব্যক্তিগতভাবে সাক্ষাৎ কৰি এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰি অসমে আগবঢ়োৱা বিভিন্ন সুযোগ-সুবিধা অন্বেষণ কৰিবলৈ আমন্ত্রণ জনায়। বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমৰ ভৌগোলিক স্থিতিৰ সুবিধা, ছিংগল উইণ্ড’ ক্লীয়াৰেন্স, সঠিক উদ্দ্গনি, উন্নত আইন-শৃংখলা আৰু শৃংখলাবদ্ধ কৰ্মচাৰীসকল অসমৰ বাণিজ্যিক সম্ভাৱনাৰ মূল বিশেষত্ব হিচাপে স্বীকৃত হৈ পৰিছে বুলি ব্যৱসায়িক নেতৃবৃন্দৰ আগত উল্লেখ কৰে। ছিংগাপুৰৰ বিনিয়োগকাৰীসকলে অসমে আগবঢ়োৱা অনন্য ব্যৱসায়িক সা-সুবিধাসমূহৰ প্ৰতি দেখুওৱা উৎসাহে ৰাজ্য চৰকাৰকো অধিক উৎসাহিত কৰি তুলিছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে মন্তব্য কৰে।
মুখ্যমন্ত্রীগৰাকীয়ে লগতে ২০২৩-২৪ বৰ্ষত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৩৫.৬ বিলিয়ন ডলাৰ হোৱাৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে ছিংগাপুৰে ভাৰতবৰ্ষৰ ষষ্ঠ বৃহৎ বাণিজ্যিক সংগী হিচাপে উদ্ভাসিত হৈছে আৰু দুয়োখন দেশৰ এই বাণিজ্যিক সম্পর্কক অধিক আগবঢ়াই নিয়াৰ দিশত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে ১৪৩ বিলিয়ন ডলাৰৰ সম্ভাব্য জিএছডিপি, ১২.২ বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি সবলীকৰণ, দৈনিক ১৫ কিলোমিটাৰ পথ নিৰ্মাণ, ৬ হাজাৰ মেগাৱাট সেউজ শক্তিৰ লক্ষ্য তথা ইতিমধ্যে আহৰণ কৰা ৪.৭বিলিয়ন ডলাৰ ব্যক্তিগত বিনিয়োগেৰে অসমে বিনিয়োগকাৰীসকলক উৎকৃষ্ট সম্ভাৱনা আৰু বিনিয়োগভিত্তিক উত্তম লাভ প্রদান কৰিবলৈ সামর্থ্যৱান।
ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনটোত মুখ্যমন্ত্রী ড° শর্মাই মধ্যাহ্ন ভোজনৰ সময়তে দেশখনৰ কেইগৰাকীমান আগশাৰীৰ বিনিয়োগকাৰী তথা অংশীদাৰৰ সৈতেও বিশেষ বার্তালাপত মিলিত হয়। মুখ্যমন্ত্রী ড° শর্মাই এইএম ছিংগাপুৰৰ চৌহদ পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ বিশ্বমানৰ পৰীক্ষণ সুবিধাসমূহৰ চাক্ষুষ অভিজ্ঞতা গ্রহণ কৰে। জাগীৰোডত নির্মীয়মাণ টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয় যে অসমক এক গোলকীয় ছেমিকণ্ডাক্টৰ কেন্দ্ৰ হিচাপে আত্মপ্রকাশ কৰোৱাৰ দিশত ৰাজ্য চৰকাৰে যাৱতীয় পৰিকল্পনা আৰু পদক্ষেপ গ্রহণ কৰিছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থা আৰু ছেমিকণ্ডাক্টৰৰ সৈতে জড়িত অন্যান্য খণ্ডৰ অংশীদাৰসকলকো সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাই তেওঁলোকক ৰাজ্যখনত বিশ্বৰ অগ্ৰণী উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ সহযোগত এক বিশ্ব দক্ষতা কেন্দ্র স্থাপন কৰি উদ্যোগ ৪.০ৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ অৰ্থে দক্ষ কর্মী বাহিনী সৃষ্টিৰ বাবে এক বৃহৎ পৰিসৰৰ প্ৰচেষ্টা গ্ৰহণৰ বিষয়ে অৱগত কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই সাক্ষাৎকালত উপস্থিত থকা এইএম হ’ল্ডিংছ, ক্লিনটেক, লেবি ইঞ্জিনীয়াৰিং,ষ্টেটছ চিপ্পাক, এণ্টাৰপ্ৰাইজ এছ জিৰ নেতৃবর্গ, এক্রিবিছ ছিষ্টেমছ, পি ই টি ইন’ভেচন, এম টি আই আৰু টেমাছেক পলিটেকনিকৰ অধ্যক্ষ আৰু মুখ্য কার্যবাহী বিষয়াসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ছিলিকন খণ্ডৰ অগ্রণী প্রতিষ্ঠান ছিলিকন বক্স পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ মুখ্য কার্যবাহী বিষয়া ড° বিয়ং জুন হান তথা অন্যান্য বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ উন্নত প্রযুক্তিৰ ‘চিপ’ নিৰ্মাণ প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ বুজ লয়।
লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছিংগাপুৰত বসবাস কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে একাংশ ভাৰতীয় লোককো সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে বিভিন্ন বিষয় আলোচনা কৰে।