ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  এডভান্টেজ আছাম ২.০ৰ প্ৰচাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। ছিংগাপুৰত উপস্থিত হোৱাৰ লগে লগে ভাৰতৰ উচ্চাযুক্ত ড° শিল্পক আম্বুলেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক উষ্ম আদৰণি জনায়। অহা দুটা দিনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ চৰকাৰ আৰু উদ্যোগপতিসকলৰে আলোচনাত মিলিত হ’ব। এই ছিংগাপুৰ ভ্ৰমণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ছেমিকণ্ডাক্টৰ, ডিপ টেকন’লজী, আন্তঃগাঁথনি আৰু নিৰ্মাণ খণ্ডত অসমত বর্ধিত সম্ভাৱনাৰ দিশত আলোকপাত কৰিব। উন্নত উদ্যোগ আৰু উদ্ভাৱনৰ দিশত অসমক এক উদীয়মান কেন্দ্র হিচাপে প্রতিষ্ঠাৰ বাবে অসমৰ মূল লক্ষ্যক ধিয়াই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তাত এক ৰোড শ্ব’তো অংশগ্ৰহণ কৰিব আৰু বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ ঔদ্যোগিক নেতৃবৃন্দৰ সৈতে বহুকেইখন পৃথক বৈঠকতো অংশগ্রহণ কৰিব।