ছিংগলছত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিলে পি ভি সিন্ধুৱে

Pc Times of India

ছিংগলছত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিলে পি ভি সিন্ধুৱে

ৰঙিলী বাৰ্ত্তাসেৱা-   দুবাৰৰ অলিম্পিক পদক বিজয়ী শ্বাটলাৰ পিভি সিন্ধুৱে একক শাখাত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰে। পিভি সিন্ধুৱে বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ ২০২২ত মহিলাৰ একক ফাইনেলত কানাডাৰ মিচেল লিক ২১-১৫, ২১-১৩ গ’লত পৰাস্ত কৰে। ২০১৮ চনৰ গোল্ড কোষ্ট গেমছত ৰূপৰ পদক আৰু ২০১৪ চনৰ গ্লাছগো গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত কমনৱেলথ গেমছত সিন্ধুৱে লাভ কৰা এইটো তৃতীয়টো একক পদক।