ছামিউলৰ পৰিয়ালক গোচৰ উঠাই ল’বলৈ ৫ লাখ টকাৰ প্রলোভন দিছিল মহবুবুলে
ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেত্রী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ মৃত্যুৰ সৈতে হাস্পতালত যুঁজি থকাৰ সময়তে ছামিউল হকৰ পৰিয়ালক গোচৰ উঠাবলৈ হেঁচা প্রয়োগ কৰিছিল মেঘালয়ৰ ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে। মেধাৱী যুৱকজনৰ মৃত্যুৰ দুদিন পিছতে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছামিউলৰ মোমায়েক জেহিৰুল হকে। উল্লেখ্য যে আৰক্ষীৰ চমনমৰ্মে যোৱা ২৮ জুলাইত দিছপুৰ থানাত উপস্থিত হোৱা নন্দিনী কাশ্যপক জেৰা চলাই থকাৰ মাজতে নিজৰ ব্যক্তিগত সহায়কৰ দ্বাৰা ইউএছটিএম প্রাংগণলৈ আচার্য মহবুবুল হকে মতাই নিছিল যুৱকজনৰ পৰিয়ালক। মোমায়েক জেহিৰুল হকে সদৰী কৰা মতে, মহবুবুল হকে গোচৰটো উঠাই লোৱাৰ বিনিময়ত তিনিটা কিস্তিত মুঠ ৫ লাখ টকা দিয়াৰ প্ৰস্তাৱ দিছিল। অকল এইখিনি ধনেই নহয়, ছামিউলৰ চিকিৎসাৰ সমগ্র ব্যয় বহন কৰাৰ প্ৰতিশ্রুতি দিছিল মহবুবুল হকে। তেওঁলোকৰ সন্মুখতে নন্দিনী কাশ্যপৰ সৈতে কথা পাতি প্রয়োজনীয় সকলো সহায় কৰাৰ প্ৰতিশ্রুতি দিয়া মহবুবুল হকে ছামিউলৰ মৃত্যুৰ পাছত আজিলৈকে কোনো খবৰ নকৰাক লৈ ক্ষুব্ধ হৈ পৰিছে পৰিয়ালটো। মৃত ছামিউল হকৰ পৰিয়ালৰ এই অভিযোগৰ পাছতে অভিনেত্রী নন্দিনী কাশ্যপৰ সৈতে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকৰ কি ধৰণৰ সম্পৰ্ক আছিল তাক লৈ সৰৱ চর্চা চলিছে। ভয়ংকৰ পথ দুর্ঘটনাই এজন সম্ভাৱনাময় যুৱকৰ প্ৰাণ অকালতে কাঢ়ি নিলে। দুর্ভগীয়া পিতৃ-মাতৃয়ে পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছে। তাৰ পিছত এগৰাকী অভিযুক্তক ৰক্ষা কৰিবলৈ বিতর্কিত মহবুবুল হকে গোচৰ উঠাবলৈ পৰিয়ালৰ মানুহক হেঁচা দিয়া বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে। নিজকে সততে শিক্ষাবিদ বুলি জাহিৰ কৰা বিতর্কিত মহবুবুল হকৰ এই কাণ্ডই ৰাজ্যৰ বিভিন্ন মহলত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।