ছাফ গেমছৰ আৰম্ভণিতে পাকিস্তানক ৪-০ গ’লত পৰাস্ত কৰে ভাৰতে

Pc Times of India

ছাফ গেমছৰ আৰম্ভণিতে পাকিস্তানক ৪-০ গ’লত পৰাস্ত কৰে ভাৰতে

ৰঙিলী বাৰ্ত্তাসেৱা- মাত্ৰ ৪ দিন পূৰ্বে ইতিহাস সৃষ্টিৰে ইণ্টাৰ কণ্টিনেণ্টেল কাপ জয় কৰাৰ লগতে ফিফাৰ ৰেংকিঙতো আগবাঢ়ি অহা ভাৰতে ছাফ গেমচৰ প্ৰথমখন মেচতেই দেখুৱালে ফুটবলৰ ছন্দ। ভাৰতীয় ফুটবলৰ ছন্দত দিশহাৰা হৈ পৰিল পাকিস্তান। প্ৰতিযোগিতাৰ প্ৰথমখন মেচতেই ভাৰতে পাকিস্তানক ৪-০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। মেচখনৰ আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে পাক ডিফেন্সত ধাৰাবাহিক আক্ৰমণ কৰে। তাৰ পাছতো অৱশ্যে মেচখনত প্ৰথমেই গ’ল কৰাৰ সুযোগ লাভ কৰে পাকিস্তানেহে।  মাত্ৰ ১০ মিনিটৰ ভিতৰতে ভাৰতে প্ৰথমটো গ’ল কৰে।  ইয়াৰ মাত্ৰ ৬ মিনিট পাছতে এই স্ক’ৰ ২-০ লৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে। বক্সৰ ভিতৰত হেণ্ড বল কৰে পাকিস্তানে। ফলত পেনাল্টি শ্বটৰ সুযোগ লাভ কৰে ভাৰতে।প্ৰথমাৰ্ধত সুনীল চেত্ৰীয়ে ১০ আৰু ১৬ মিনিটত ২ টা গ’ল কৰাৰ পাছত দ্বিতীয়াৰ্ধত ৭৪ মিনিটত তৃতীয় গ’ল কৰি হেট্ৰিক অৰ্জন কৰে। ইয়াৰ পাছতে ৮১ মিনিটত উদান্ত সিঙে এটা গ’ল কৰি ৪-০ত ভাৰতক অগ্ৰগতি দিয়ে আৰু বিজয় লাভ কৰে।