ছানৰাইজাৰ্ছ হায়দৰাবাদে ৪৪ ৰাণত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক
ৰঙিলী বাৰ্ত্তাসেৱা- ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আগ্রাসী বেটিঙৰ সন্মুখত থমকি ৰ’ল ৰাজস্থান ৰয়েলছ। ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৫ ৰ দ্বিতীয়খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক ৪৪ ৰাণত পৰাস্ত কৰে। শতৰান কৰি দৃষ্টি আকর্ষণ কৰে হায়দৰাবাদৰ বেটাৰ ঈশান কিষণে। প্রথমে বেটিং কৰি দলটোৱে ৬ উইকেটত সংগ্ৰহ কৰা ২৮৬ ৰানৰ প্ৰত্যুত্তৰত ৰাজস্থানে ৬ উইকেটত ২৪২ ৰান কৰি ইনিংছ সামৰে। টছত জয়লাভ কৰি প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৰাজস্থানৰ ভাৰপ্ৰাপ্ত অধিনায়ক ৰিয়ান পৰাগে। উল্লেখ্য যে যোৱা বছৰো প্রতিখন মেচতে আগ্রাসী বেটিং কৰিছিল হায়দৰাবাদে। দলটোৱে তিনিবাৰ ২৫০ৰ অধিক ৰান আৰু ছবাৰ ২০০ৰ বেছি ৰান সংগ্ৰহ কৰিছিল। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। প্রথম মেচতে নিজে গঢ়া আইপিএলৰ সৰ্বোচ্চ ৰানৰ অভিলেখ ভংগ কৰাৰ দুৱাৰৰ্ডলিত উপনীত হৈছিল। মাত্র এক ৰানৰ বাবে সেই অভিলেখ ভংগ নহ’ল। যোৱা বছৰ আইপিএলত ট্রেভিছ হেড আৰু অভিষেক শৰ্মাই যিদৰে আৰম্ভ কৰিছিল তাতেই অর্ধেক কাম সম্পন্ন হৈছিল হায়দৰাবাদৰ। এইবাৰ তেওঁলোকৰ সৈতে যোগ দিছে ঈশানে। ফলত, আইপিএলৰ ভয়ংকৰ টপ অৰ্ডাৰ হৈ পৰিছে দলটো। আজি প্রথম তিনি অভাৰত ৪৫ৰান সংগ্ৰহ কৰি হায়দৰাবাদে ধ্বংসলীলা আৰম্ভ কৰে। চতুৰ্থ অভাৰৰ প্ৰথম বলত অভিষেক (২৪) আউট হোৱাৰ পিছত হেডৰ সৈতে যোগ দি ঈশানে ৰাজস্থানৰ বলাৰসকলক তুলাধুনা দিয়ে। ৯টা চাৰি আৰু ৩টা ছয়েৰে ৬৭ ৰান কৰি আউট হয় হেড। ঈশানৰ সৈতে যোগ দিয়া নীতিশ ৰেড্ডীয়েও ১৫টা বলত ৩০ ৰান কৰে। ঈশানে ৪৭টা বলত ১০৬ ৰান কৰি অপৰাজিত হৈ থাকে। ৰাজস্থানৰ আটাইতকৈ খৰচী বলাৰৰূপে পৰিগণিত জফ্ৰা আৰ্চাৰে চাৰি অভাৰত ৭৬ ৰান দিয়ে। ইপিনে, ২৮৭ ৰানৰ লক্ষ্য অতিক্রম কৰিবলৈ গৈ দ্বিতীয় অভাৰতে যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱায় ৰাজস্থানে। নীতিশ ৰাণায়ো (১১) নতুন দলৰ হৈ প্ৰথমখন মেচতে ব্যর্থ হয়। ৰাজস্থানৰ সন্মান ৰক্ষাৰ যুঁজত দুই পুৰণা যোদ্ধা সঞ্জু ছেমচন আৰু ধ্ৰুৱ জুৰেলে দর্শনীয় বেটিঙেৰে অৱতীৰ্ণ হয়। দুয়োজনে চতুর্থ উইকেটৰ যুটিত ১১১ ৰান যোগ দিয়ে। কিন্তু ২৮৭ ৰানৰ বৃহৎ লক্ষ্য অতিক্ৰমৰ বাবে সেই ৰান যথেষ্ট নাছিল। অৱশ্যে সঞ্জু আৰু জুৰেল ক্ৰিজত থকাৰ সময়ত ৰাজস্থানৰ আশা কিছু পৰিমাণে সজীৱ হৈ আছিল যদিও তিনিটা বলৰ ব্যৱধানত দুয়োজনে বিদায় লোৱাত আশা নির্বাপিত হয়। সঞ্জুৱে ৬৬ ৰানত বিদায় লয়। জুৰেলে সংগ্ৰহ কৰে ৭০ ৰান। ইয়াৰ পিছতো ৰাজস্থানে ছিমৰন হেটমায়াৰ আৰু শুভম ডুবেৰ জৰিয়তে ২৫০ ৰানৰ ওচৰলৈ আগবাঢ়ি যায়। এই দুজন বেটাৰে ৫ অভাৰত ৮০ ৰানৰ যুটি গড়ে। হেটমায়াৰে ২৩টা বলত ৪২ আৰু শুভমে ১১টা বলত ৩৪ ৰান কৰে। ৰাজস্থানৰ নৱাগত অধিনায়ক ৰিয়ান পৰাগে (৪) ব্যর্থতা প্রদর্শন কৰে।ৰাজস্থানৰ হৈ তুষাৰ দেশপাণ্ডেয়ে সৰ্বাধিক ৩ টা উইকেট দখল কৰাৰ বিপৰীতে মহেশ থিকছানাই দুটা আৰু সন্দীপ শৰ্মাই এটা উইকেট দখল কৰে ।