ছানফ্রান্সিস্কোৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি

ছানফ্রান্সিস্কোৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ কাৰিকৰী বিজুতি ঘটিছে এয়াৰ ইণ্ডিয়াৰ বিমানত ৷ আজি পুৱা ছান ফ্রান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনত মাজ আকাশতে কিছু কাৰিকৰী বিজুতি ঘটে। যথা সময়ত পাইলটৰ বিচক্ষণতাত মুম্বাই সলনি কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে ৷ ফলত সৌভাগ্যক্ৰমে বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে ৷ এয়াৰ ইণ্ডিয়াৰ AI180 বিমানখনৰ বাঁও ইঞ্জিনত কাৰিকৰী কাৰিকৰী বিজুতি ঘটে ৷  যাৰ বাবে মঙলবাৰ পুৱা ৫.২০ বজাত কলকাতা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে AI180 বিমানখনে ৷ অৱতৰণৰ কিছু সময়ৰ পাচতে বিমানখনৰ পৰা বাহিৰলৈ উলিয়াই অনা হয় যাত্ৰীসকলক ৷জানিব পৰা মতে, বৰ্তমান কলকাতা বিমানবন্দৰতে উক্ত বিমানখনৰ পৰীক্ষা কৰি থকা হৈছে ৷ এয়াৰ ইণ্ডিয়া বিমানখনৰ বাওঁফালৰ ইঞ্জিনটো তন্ন তন্নকৈ নিৰীক্ষণ কৰিছে বিশেষজ্ঞৰ দলে ৷