ছাত্ৰাৱাসৰ তামৰঙী স্মৃতিয়ে কৈছোঁ-মৃগাংক বৰুৱা

ছাত্ৰাৱাসৰ তামৰঙী স্মৃতিয়ে কৈছোঁ
(যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰাৱাসৰ আবাসীলৈ)

মৃগাংক বৰুৱা, গোলাঘাট

(১)
ছাত্ৰাৱাসৰ দেৱদাৰু কেইজোপাৰ
দুপতীয়া ৰ’দজাকে হাতবাউলি মাতে
অচিনাত নাওঁ মেলি দিয়া ডগমগীয়া জীৱনবোৰক
বিদায় জনাই জনাই
তাৰ সৰাপাতবোৰে
নিৰৱে চকুলো সামৰে….
কিমান গভীৰলৈ শিপায় বাৰু
ছাত্ৰাৱাসৰ সেই তামৰঙী স্মৃতি
আস: নুসুধিবা
সন্মুখৰ পুলটোৰ আড্ডা বোৰৰ কথা
যাক আজি কোনো ভাষাৰে বুজাব নোৱাৰি
আৰু পঢ়া টেবুলবিলাকত ?
প্ৰেমৰ দিনৰ মিঠা শব্দবোৰ
নীলা চিয়াঁহী হৈ জিৰাইছে চাগে
কিমান যে ৰং পৰি আছে তাত
সেই ৰঙে বিলায়েই আছে নেকি আজিও
আবেগৰ ধূলিকণা নতুন জনৰ অলিয়ে গলিয়ে হৃদয় বোৰত
আজিৰ নতুন আৱাসী সকলক সুধিবলৈ মন যায়
কোনোবা আৱাসীৰ জন্মদিনত
হাতত এটুকুৰা কেক আৰু বাতিত এবাটি চাহ লৈ
প্রানধালি গোৱা গানৰ সুৰ
প্ৰতিধ্বনি হয় নে প্ৰতিখন দেৱালত
ইমান আবেগেৰে উপচায় বাবেই
প্ৰতিজন আৱাসীৰেই তিয়াই দুগাল
যেতিয়া নীৰৱে এদিন আহে
ছাত্ৰৱাসক বিদায় জনোৱাৰ কাল…
বিদায়–
অৱশেষত অম্লমধুৰ স্মৃতি বোৰেহে
এখন দাপোন হৈ বুকুত লয় ঠাই
যি ভাগে ভাগে অনেক স্মৃতি বিয়পায়
পুৱা-গধূলিৰ, বন্ধ দিনৰ আৰু আবেলিৰ
আজি দেখোন তাৰে এটি আবেলি
বুকুৰ দাপোনত আছে উমলি
সেই আবেলিটো —যি আবেলিটোত
তুমি আহিছিলা ‘বৰুৱা চাৰি আলিলৈ’
অধীৰ অপেক্ষাৰে বাট চাই চাই
প্ৰেমিকজন আছিল ৰৈ
ৰিক্সাখনৰ পৰা তাৰাতাৰি নামিয়েই
মাৰিছিলা মনালিছাৰ হাঁহিটি
আৰু হাটখনত ধৰি কৈছিলা–
‘এয়া চোৱা মই তোমাৰ সাজোনমতী…’

(২)
উফ, সাজোনমতী
আকৌতো নাহা ছাত্ৰাৱাসলৈ উভতি
স্মৃতি মানেই যে
ৰঙবিৰঙী পানী-ৰঙৰ এখন ফুলনী
হাতো মেলিব নোৱাৰি, ফুলো চিঙিব নোৱাৰি…