ছাতি, লাঠী, তিয়নি নেৰিবিঅ’ বিয়নি
লক্ষী প্ৰসাদ ৰেগন
খেতি পথাৰ ঘৰৰ পৰা ডেৰকিলোমিটাৰ মান আঁতৰত বাবে আমি খেতি প্ৰধানকৈ আহু বাও আৰু শালি তিনিওটা কৰোঁ ৰবি শস্যৰ বাদে। বাও আৰু শালি আঘোণ পুহত চপাবলগীয়া হোৱা বাবে পুৱা বেলাটো দাৱনীক অৱশ্যে হিমত তিতা ধানথোকে আমনি নকৰাও নহয়। তেনে আমনি কৰিছিল কাৰণে দাৱনীৰ মুখত সচৰাচৰ এইফাকি উক্তিয়ে প্ৰাণ পাই উঠিছিল-ছেঃ বেলিটোনো কেতিয়া ওলাব আৰু? জেঠ আহাৰত আহুধান চপোৱা বতৰত বাৰিষাৰো ভৰ যৌৱনৰ সময়। সেয়ে পথাৰবোৰ পানীৰে ওপচি পৰে, খাল ডোঙৰ কথাবোৰ বাদেই দিলো। আহুধান কাটোতে দাৱনীয়ে পানীত নামিব লাগে, জোক পৰুৱাৰ অত্যাচাৰত অতিষ্ঠ হৈ কেতিয়াবা জোকে ধৰিলে হাতৰ কাচিখন দলিয়াই দাৱনীয়ে জাঁপ মাৰি চিঞৰ দিয়াটো তেনেই সুলভ। বৰষা কালত আকাশখন মেঘাচ্ছন্ন হৈ নাথাকিলে আকাশখন কিবা উকা উৰুঙা যেন লাগে কোনোবা এচুকত ৰ’দ কোনোবা এচুকত বৰষুণ নীলাম্বৰ আকাশৰ প্ৰকৃত ঠিকনা পাবলৈকে টান হৈ পৰে। তাৰ মাজতে দুখৰ দিনত সুখৰ ফিৰিঙতিয়ে দেখা দিয়াৰ দৰে ডাৱৰৰ আৱৰণ ফালি ওলাই অহা ৰ’দৰ তাপে খাওঁ খাওঁ মূৰ্তি ধাৰণ কৰি কাহিল কৰে মানৱ দেহৰ সৰ্বশৰীৰ। সঁচাই বৰষা যেতিয়া জিৰি জিৰিকৈ নামি আহে ধৰাৰ বুকুলৈ শুষ্ক পৃথিৱী নিটাৰ মাৰি থকা তৰু- তৃণ, গছ- গছনি প্ৰকৃতিৰ চৌপাশ যেন ৰজনজনাই উঠে।
শাওনৰ বতৰত কৃষকৰ আহৰি নাই। দিনটো পথাৰতে কটাব লাগে। ঘৰৰ গৃহিণীয়ে যতনাই দিয়া চাহ জলপান শাওণৰ পথাৰৰ জোপোহা গছৰ তলত বহি লোৱা কৃষকৰ এই জুতি লেখত ল’বলগীয়া। আজিৰ পৰা বহুদিনৰ আগৰ কথা তেতিয়া কুৰিৰ ডেওনা পাৰ কৰাই নাছিলোঁ। শাওণমহীয়া পথাৰৰ আলি দিয়াত ব্যস্ত হৈ পৰিছিলো কাকো মূৰ তুলি চাবলৈ যেন আহৰিয়েই নাই। নিজকে প্ৰতিযোগী বুলি ধৰি ল’লো। কামফেৰা কিমান সময়ৰ ভিতৰত শেষ কৰিব পাৰিম এয়াই নিজকে নিজে প্ৰশ্ন বাৰে বাৰে অৱতাৰণা কৰিলোঁ। মোৰ পৰা অলপ আঁতৰত বৰদেউতায়ো আলি দিয়াত ব্যস্ত হৈ আছিল। চাৰিওফালে পানী আৰু পানী কোনোবা ঠাইত তিয়নি ৰয় কোনোবা ঠাইত তিয়নি নৰয়। বগলী শালিকা জাকেও কঁহুৱা বিৰিণাৰ আঁৰত লুকাই ফৰিং কুমটিবোৰ খাই উদৰ পূৰাই আছিল। আনন্দ উল্লাসেৰে সেইদৰে আলি দিয়াত ব্যস্ত হৈ থাকোতেই আনটো পাৰৰ পৰা মহিলা এগৰাকীয়ে বৰদেউতাক মাত লগালে ইয়াত তিয়নি ৰয়নে বিয়ৈ? বৰদেউতাই কামৰ পৰা মূৰ নোতোলাকৈয়ে মাত লগালে-ছাতি লাঠী তিয়নি নেৰিবিঅ’ বিয়নি- মই একো বুজি নাপালো। মহিলা গৰাকী অহা বাটেদি ওভতি গ’ল কোনো প্ৰশ্ন নকৰাকৈয়ে। কিছু সময়ৰ পাছতে পশ্চিম আকাশত বেলিটোৱে নিৰ্দিষ্ট গতিপথৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিলে বৰদেউতায়ো মোক মাত এষাৰ লগাই ঘৰলৈ বাট বুলিলে আৰু ময়ো তেওঁৰ পিছে পিছে ঘৰমুৱা হ’লো।
কেইদিনমানৰ পাছতেই বৰদেউতাক পথাৰতে পুনৰ লগ পালো। খেতিৰ মাটিবোৰ ওচৰা উচৰি কিন্তু বৰদেউতা আমাৰ একেখন গাঁৱতে নাথাকে। তেওঁক লগ পাই মনৰ খু দোৱনি মাৰিবলৈ কথাটো সুধিয়ে পেলালোঁ ছাতি লাঠীৰ কথাটো। তেওঁ মোক ক’লে শুনা ভতিজা এতিয়া হ’ল বতৰৰ দিন। অনৱৰতে বতৰ বেয়া হৈ থাকে সেয়ে পথাৰত ছাতি অথবা জাপিটোৱে আমাক ৰক্ষা কৰিব পৰা একমাত্ৰ বন্ধু। নহ’লে আমি বৰষুণ তিতি- বুৰি খাল বিলত চিকাৰত মগ্ন হৈ থকা বগলীটোৰ দৰে হ’ম। এইবাবে লাঠী তিয়নিও আমাৰ অতি দৰকাৰী কোনোবা এটা সৰু জান বা সুঁতি পাৰ হ’ব লগা হ’লে কাপোৰ কানি সলাই তিয়নিৰে পাৰ হ’ব পাৰিলেহে গন্তব্য স্থান পাবগৈ পাৰিম। তদুপৰি তেনে খাল ডোং পাৰ হ’বৰ পৰত লাঁখুটি ডালৰো দৰকাৰ। লাঁখুটিৰে দ বাম নিৰীক্ষণ কৰি গ’লেহে বিপদ সংকুল পৰিস্থিতিৰ পৰা ৰক্ষা পৰিম, নহ’লে। নহ’লে কি হ’ব বুলি মই ওভতি ধৰিলোঁ। তেওঁ আজিলৈ থওঁ মোৰ বহুত কাম আছে-এই বুলি কৈ ঘৰলৈ গুচি গ’ল।