ছাতিৰ ধৰ্ম – মুহাম্মাদ আফজাল

ছাতিৰ ধৰ্ম
মুহাম্মাদ আফজাল,
মৈৰাবাৰী, মৰিগাঁও
বৰষুণত সকলোকে ছাতি লাগেই।
পিছে বৰষুণ গ’লে
সেই ছাতি হৈ পৰে বহুতৰে এলাগী।
সেইদৰে কতজনৰ জীৱন বাৰিষাত
ছাতি ধৰিলেও
আমি এতিয়া পাহৰণি।
সেই বুলি ছাতিয়ে
ছাতিৰ ধৰ্ম পাহৰা নাই,
বৰষুণ নিদিলেও ছাতিয়ে
ৰ’দত পুৰি ছাঁ দিবই।