ছাকিৰাক গুৱাহাটীলৈ অনাৰ চৰ্চা চলিছেঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠান পৰিৱেশনৰ বাবে অহা গ্ল’বেল আর্টিষ্ট প’ষ্ট মেলনক লৈ চলি থকা ব্যাপক চৰ্চাৰ মাজতে বিশ্ববিখ্যাত কলম্বিয়ান গায়িকা-নৃত্যশিল্পী, লেটিন পপ-ৰক গীতৰ সংযোজনেৰে বিশ্বত ধুমুহাৰ সৃষ্টি কৰা ছাকিৰাক গুৱাহাটীলৈ অনাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মাধ্যমৰ আগত কলম্বিয়াৰ পপ ষ্টাৰগৰাকীৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- ছাকিৰাক অনাৰ চিন্তা কৰা হৈছিল। ছাকিৰাক গুৱাহাটীলৈ অনাৰ চৰ্চা চলিছে। মোৰ ইচ্ছা আছে ছাকিৰাক অহা বৰ্ষত অথবা দুবছৰ পিছত অসমলৈ অনা হ’ব। অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ছাকিৰাই যি অনুষ্ঠান পৰিৱেশন কৰিছিল, সেই অনুষ্ঠান যথেষ্ট আকর্ষণীয় আছিল। ফেব্ৰুৱাৰী মাহত তেওঁক অসমলৈ অনাৰ এটা সুযোগ আছিল যদিও সেই সুযোগ বর্তমান আমি যাবলৈ দিছোঁ। কিন্তু পুনৰ তেওঁক আনিবলৈ এতিয়া নতুন সুযোগ নাই। কিন্তু গুৱাহাটীত ছাকিৰাক আনিবলৈ মোৰ মন আছে। গুৱাহাটীৰ লগতে শিলচৰ আৰু ডিব্ৰুগড়তো এইধৰণৰ কনচাৰ্ট অনুষ্ঠান কৰাৰো প্ৰয়াস চলিব। ইফালে, ৰেপাৰ-পপ ষ্টাৰ প’ষ্ট মেলনৰ আগমনক লৈ বিৰোধীয়ে কৰা সমালোচনাৰো প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- প’ষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী। বিশ্বৰ পাঁচজন বিখ্যাত শিল্পীৰ ভিতৰত তেৱোঁ এজন। অসমত ইয়াৰ আগতে গ্ল’বেল আর্টিষ্ট অহা নাছিল। গুৱাহাটীত প’ষ্ট মেলনে অনুষ্ঠান পৰিৱেশনৰ পিছত আমেৰিকা, ইউৰোপ আদিকে কৰি বিভিন্ন দেশত সৰুকৈ হ’লেও এটা বাতৰি পৰিৱেশন হ’ব। মিউজিক চেনেল, ৱেবছাইট, মিউজিক পেজ আদিত সৰুকৈ হ’লেও গুৱাহাটীৰ নামটো প্রকাশ পাব। গুৱাহাটীত প’ষ্ট মেলনৰ এই অনুষ্ঠান চাবলৈ আমেৰিকা, ইংলেণ্ডৰ পৰাও বহু লোক আহিছে। গুৱাহাটীৰ প্ৰতিখন হোটেলে এতিয়া ভর্তি। ইয়াৰ জৰিয়তে অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব। অসম চৰকাৰে এই অনুষ্ঠানৰ বাবে কোনো আর্থিক অৰিহণা যোগোৱা নাই। বহুতে ২০-৩০ কোটি টকা ব্যয় কৰা বুলি কৈছে। কিন্তু অসম চৰকাৰে এক টকাও আমি আগবঢ়াব নালাগে। যদিও আমি এক কোটি টকা ইয়াৰ বাবদ ৰাখি থৈছোঁ। প’ষ্ট মেলনে ইয়াত আহি অনুষ্ঠান পৰিৱেশনৰ পিছত ইমানদিনে কনচাৰ্ট অনুষ্ঠিত কৰাৰ বাবে শ্বিলঙে যি অগ্ৰাধিকাৰ লাভ কৰি আহিছিল, সেই পৰিৱেশ গুৱাহাটীত সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে বিৰোধী দলসমূহে প’ষ্ট মেলনক লৈ কৰা বিৰোধিতাৰ প্ৰসংগত কয়- যদি প’ষ্ট মেলনক তেওঁলোকে বিৰোধিতা কৰে, তেন্তে অংগৰাগ পাপন মহন্তই আমেৰিকাত গ’লে তেওঁকো তাৰ লোকে বিৰোধিতা কৰিব। গতিকে অসমত এচাম লোক আছে যিকোনো যোগাত্মক কামত বিৰোধিতা কৰি থাকে। প’ষ্ট মেলন মানে কি তেওঁলোকে নাজানে। বিৰোধিতা কৰিলে প’ষ্ট মেলনৰ একো ক্ষতি নহয়। গুৱাহাটীত যদি তেওঁৰ অনুষ্ঠান নহয়, শ্বিলঙে লৈ যাব, ভুটানে লৈ যাব। ক্ষতি হ’ব গুৱাহাটীৰ। গুৱাহাটীৰ যি ব্ৰেণ্ড ইমেজ, সি নোহোৱা হৈ যাব। বুজি নোপোৱাকৈ প’ষ্ট মেলনৰ বিৰোধিতা কৰিছে। এচামে সকলোতে বাধা দিয়া লোক আছে।অসমত পজিটিভ কাম হ’লে এচাম মানুহ বাধা দি থাকে । তেওঁলোকে বিৰোধিতা কৰিলে মই সদায় ভাল ভাল কাম কৰি যাব পাৰোঁ । আৰু সেইবাবেই মই যোৱা ২৫ বছৰ ৰাজনীতি কৰি আছোঁ । সেয়েহে বিৰোধিতা কৰিলেও গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আদিত বছৰত তিনিবাৰ প’ষ্ট মেলন আহিব । সেয়া প’ষ্ট মেলনৰ ঠাইত বেলেগ কোনোবাও হ’ব ।
