ছাঁ বিচাৰি আহিলো
যমুনা দুলু বৈশ্য
শুৱালকুছি
সুৰুযৰ পোহৰত জিলিকি উঠে
বুকুত প্ৰতিচ্ছবি নাচি ।
অকচৰ অমিয়া সুৰ বাজে অবিৰাম
অমানিশা বোৰ যাব মচি ।।
প্ৰতিটো অভিলাষী সপোনে জগাই
জীৱন যুদ্ধৰ ভাৱনা ।
নিস্পৃহ সুখত নিঃসংকোচে চুই যায়
প্ৰাপ্তিৰ আশাৰে কল্পনা ।।
শব্দবোৰে পোখা দিব হৃদয় বৰষিব
তেজস্বী হৈ আহে উশাহবোৰ ।
আনন্দৰে জীপাল হ’ব এই শুভ লগনত
বোৱাই যাব অমিয়া সুৰ ।।
তোমাৰ ছাঁ বিচাৰি পালো ক’ত সুহৃদজন
মন হ’ল যে সেউজীয়া ।
কি বুলি দিম ধন্যবাদ ভাষা মোৰ হেৰাই
ফুলৰ সুগদ্ধিৰে হওঁক যুগমীয়া ।।