ছয় জনগোষ্ঠীৰ লগতে নাথ-যোগীকো জনজাতিকৰণৰ দাবী হিন্দু সুৰক্ষা সেনা,অসমৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ চনত অনুষ্ঠিতব্য অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ ছয় জনগোষ্ঠীৰ লগতে নাথ-যোগী সম্প্ৰদায়কো জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে হিন্দু সুৰক্ষা সেনা , অসমে ৷ আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে উক্ত দাবী উত্থাপন কৰি সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথে কয় যে – অসমৰ এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণৰ নায্য দাবী দীৰ্ঘদিনীয়া যদিও বিগত দিনবোৰত উক্ত দাবীৰ প্ৰতি কোনো এখন চৰকাৰেই ফলপ্ৰসূভাবে সহাঁৰি নজনোৱাটো পৰিতাপৰ কথা ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে জনজাতিকৰণৰ সমগ্ৰ বিষয়টোকলৈ ল’ৰাধেমালি কৰিয়েই কটোৱাৰ বিপৰীতে বিজেপি চৰকাৰ অহাৰ পাছত এইক্ষেত্ৰত ইতিবাচক ফলাফল আশা কৰা গৈছিল যদিও কেন্দ্ৰত একেৰাহে ১১ বছৰ আৰু ৰাজ্যত একেৰাহে ৯ বছৰৰো অধিক কাল বিজেপি চৰকাৰ থকাৰ পিছতো সংশ্লিষ্ট জনজাতিকেইটাৰ আশা-আকাংখ্যা পূৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ৷ বিবৃতিটোত নাথে কয় যে যি সময়ত সমগ্ৰ অসমজুৰি চলা মিঞাৰ খিলঞ্জীয়াবিৰোধী আগ্ৰাসনৰপৰা ৰাজ্যৰ ভূমিপুত্ৰসকলক ৰক্ষাৰ বাবে চৰকাৰে জনজাতিকৰণক এক অস্ত্ৰ হিচাপে ল’ব পাৰিলেহেঁতেন , সেই সময়তে এইক্ষেত্ৰত প্ৰদৰ্শিত চৰকাৰী দ্বিধাগ্ৰস্ততা আৰু দীৰ্ঘসূত্ৰিতাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে ৷ সেয়ে , এই সকলো দ্বিধাগ্ৰস্ততা আঁতৰাই অচিৰেই নাথ যোগীসকলকে ধৰি অসমৰ মুঠ সাতটা জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিবলৈ তেওঁ আহ্বান জনায় ৷ একেটা বিবৃতিতে সংগঠনটোৰ সভাপতিগৰাকীয়ে এতিয়াও বহুসংখ্যক ভূমিপুত্ৰকে ধৰি অন্যান্য হিন্দু লোকক বিদেশী অপবাদেৰে ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰখা বিষয়টোও উল্লেখ কৰে ৷ তেওঁ উনুকিয়াই দিয়ে যে, বিজেপি-আৰএছএছৰ নেতা-কৰ্মীসকলৰ মুখত সততে ” ভাৰতবৰ্ষত কোনো হিন্দুৱেই বিদেশী নহয় ” বুলি এষাৰ কথা শুনা যায় যদিও ডিটেনশ্যন কেম্পত আবদ্ধ হিন্দুৰ সংখ্যাই বাস্তৱত বেলেগ এখন প্ৰতিচ্ছবিহে ডাঙি ধৰে ৷ আনকি দেশজুৰি ‘ কা ‘ বলবৎ হোৱাৰ পিছতো কিহৰ আধাৰত এতিয়াও হিন্দুক ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰখা হৈছে বুলিও নাথে প্ৰশ্ন উত্থাপন কৰে ৷