ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে জোনাইত জোঁৰ সমদল
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত ধাৰাবাহিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সময়তে জোনাইৰ বিভিন্ন প্ৰান্তত তিনি মিছিং জাতীয় সংগঠন ক্ৰমে টি এম পি কে (TMPK), এম এম কে (MMK) আৰু টি এম এম কে (TMMK)ৰ উদ্যোগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে শুকুৰবাৰে সন্ধিয়া জোঁৰ সমদল ৰূপায়ণ কৰে। সন্ধিয়া ৫ বজাৰ পৰা জোনাইৰ তৰাজান, কেমি, মহমৰা, ডেকাপাম, ৰামধন, গালী, চিগা, ৰাজাখানাকে আদিকে ধৰি জোনাইৰ বিভিন্ন গাঁৱত উলিওৱা হয় জোঁৰ সমদল। জোঁৰ সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদীসকলে ‘টিএমপিকে জিন্দাবাদ, এমএমকে জিন্দাবাদ, টিএমএমকে জিন্দাবাদ, জনজাতি ঐক্য জিন্দাবাদ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক, আমাৰ অস্তিত্ব ৰক্ষা কৰক, জনজাতিবিৰোধী চৰকাৰ নচলিব’ আদি শ্লোগান দি জোনাইৰ জনজাতি অধ্যুষিত অঞ্চলৰ আকাশ-বতাহ কঁপাই তোলে। এই সংগ্রাম অন্য জাতিৰ বিৰুদ্ধে সংগ্ৰাম নহয়, এই সংগ্ৰাম জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম। উল্লেখ্য যে জোঁৰ সমদলত জাতীয় সংগঠনৰ নেতাসকলে আজি এই প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক আহ্বান জনাই কয়, কোনো পৰিস্থিতিত জনজাতি সমাজৰ স্বাধিকাৰ, সাংবিধানিক অধিকাৰ আৰু অস্তিত্ব ধ্বংস হ’ব পৰা সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰিব আৰু অহা ২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কে মন্ত্রীগোটে দাখিল কৰিবলগীয়া প্রতিবেদনখন জনজাতি সমাজৰ স্বাৰ্থবিৰোধী, অধিকাৰবিৰোধী বা ভৱিষ্যৎ সংকট সৃষ্টিকাৰী প্ৰতিবেদন হ’ব নালাগে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক মুকলিকৈ সমর্থন নকৰিবলৈ জনজাতি ৰাইজৰ পক্ষৰ পৰা স্পষ্ট আৰু দৃঢ় আহ্বান জনাই কয়, আমি ছয় জনগোষ্ঠীক জনজাতি প্ৰদান কৰাটোত বিৰোধ কৰোঁ আৰু কৰিম। জনজাতিৰ অধিকাৰ, পৰিচয় আৰু ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ আমি অব্যাহত ৰাখিম বুলি হুংকাৰ দিয়ে সংগঠনৰ কৰ্মীসকলে, অন্যথা ইয়াতকৈও জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ম বুলি কয়।
