ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত অগপই সদায় সমৰ্থন কৰি আহিছে— সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

Pc G Plus News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত অগপই সদায় সমৰ্থন কৰি আহিছে— সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ছটাকৈ জনগোষ্ঠী—মৰাণ, মটক, টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি অসম গণ পৰিষদে সদায় সমৰ্থন আগবঢ়াই আহিছে। আজি ৰাজ্যসভাৰ মজিয়াত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত এই বক্তব্য আগবঢ়াই অগপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই৷ তেওঁ লগতে কয় অসমৰ খিলঞ্জীয়া এই ছটা জনগোষ্ঠীৰ অধিক বিকাশ সাধনৰ লগতে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ বাবে জনজাতিকৰণৰ সমৰ্থনত দলে সদায় দাবী উত্থাপন কৰি আহিছে৷ দীৰ্ঘদিনীয়া এই দাবীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে এই বিষয়ত ছয় জনগোষ্ঠীৰ সামগ্ৰীক উন্নয়নৰ বাবে অন্তিম মোহৰ মাৰিব বুলি তেওঁ সংসদত সজোৰে মন্তব্য কৰে৷ উল্লেখ্য, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰৰ মন্ত্ৰীগোটে শেহতীয়াকৈ অসম বিধানসভাৰ মজিয়াত প্ৰতিবেদন দাখিল কৰিছিল৷ আনহাতে, বিগত ২৪ আৰু ২৫ অক্টোবৰত হৈ যোৱা অসম গণ পৰিষদৰ দিকদৰ্শন বৈঠকত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি অসম গণ পৰিষদে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সভাৰ সিদ্ধান্ত মৰ্মে আৰু অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নিৰ্দেশনা অনুসৰি উক্ত জনগোষ্ঠীয় সংগঠনসমূহৰ বিষয়ববীয়াৰ সৈতে অসম গণ পৰিষদৰ প্ৰতিনিধি দলৰ মাজত মত বিনিময় কৰা হয়৷ ইতিমধ্যে মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশীৰ বিষয়ববীয়াসকলৰ সৈতে অগপৰ প্ৰতিনিধি দলে আলোচনা কৰিছে৷