ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক আপ অসমৰ সম্পূৰ্ণ সমৰ্থন৷ অসমত Inner Line Permit (ILP)ৰ দাবী আম আদমী পাৰ্টিৰ

Pc Wikipedia

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক আপ অসমৰ সম্পূৰ্ণ সমৰ্থন৷ অসমত Inner Line Permit (ILP)ৰ দাবী আম আদমী পাৰ্টিৰ
কোচ ৰাজবংশী সকলৰ গণতান্ত্ৰিক প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে ৰাইজৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণ অমানুষিকঃ ডা° ভবেন চৌধুৰী
খিলঞ্জীয়া অসমীয়াৰ ওপৰত অত্যাচাৰ কোনো কাৰণতেই সহ্য কৰা নহ’বঃ ডা° ভবেন চৌধুৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক মাথোঁ ৰাজনৈতিক পাশা খেল হিচাপে ব্যৱহাৰ কৰিছে বিজেপিয়ে৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমীয়া ৰাইজক প্ৰতিবাৰেই হেজাৰটা প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু ক্ষমতালাভৰ পিছত এটি প্ৰতিশ্ৰুতিও পালন নকৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এটা ন্যায্য দাবী আৰু সেইবাবে টাই আহোম, মৰাণ, মটক, ছাহ জনগোষ্ঠী, চুতীয়া আৰু কোচ ৰাজবংশী সকলে গণতান্ত্ৰিক প্ৰতিবাদ ৰূপায়ণ কৰি আহিছে৷ এই প্ৰতিবাদক মষিমূৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই ভিন্ন সময়ত Dirty Game খেলি আহিছে৷  খিলঞ্জীয়াৰ ওপৰত বিজেপি চৰকাৰে কৰা বৰ্বৰ আক্ৰমণৰ সজোৰে বিৰোধীতা কৰিছে আম আদমি পাৰ্টীয়ে৷ শুক্ৰবাৰে আম আদমি পাৰ্টী, অসমৰ গণেশগুৰিস্থিত কাৰ্যালয়ত আহ্বান কৰা এক সংবাদমেলত আপ অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীয়ে কয় যে “জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত জোঁৰ সমদলত গণতান্ত্ৰিকভাবে প্ৰতিবাদ কৰা ৰাইজৰ ওপৰত অসম আৰক্ষীয়ে বৰ্বৰ – অমানুষিক অত্যাচাৰ চলালে৷ খিলঞ্জীয়া অসমীয়াৰ ওপৰত অত্যাচাৰ কোনো কাৰণতেই সহ্য কৰা নহ’ব৷ হিমন্ত বিশ্ব শর্মাই নিৰ্বাচনৰ আগতে মিঠা কথা কয়, কিন্তু পিছত মিথ্যা প্ৰমাণ হয়। ছয়ট জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান আৰু নির্যাতিতসকলক ন্যায় প্ৰদান কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।” আম আদমি পাৰ্টীয়ে অসমতো Inner Line Permit (ILP) ব্যৱস্থাৰ দাবী জনাইছে যাতে খিলঞ্জীয়াৰ ভূমি, সংস্কৃতি আৰু বৃহত্তৰ অসমীয়া জাতিৰ পৰিচয় সুৰক্ষিত কৰি ৰাখিব পৰা যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেঁকোভাওনা সমূহৰ পৰা অতিষ্ঠ হৈছে অসমৰ জনতা৷ অৰ্থহীন চেলেপু কথাৰে মহান অসম ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদমৰ্য্যাদাক ভৰিৰে গচকি নিঃশেষ কৰিছে হিমন্তই৷ শেহতীয়াকৈ মৰাণ, টাই আহোম আৰু কোচৰাজবংশী সকলৰ প্ৰতিবাদ সমূহত হেজাৰ হেজাৰ জনতাই ভাগ লোৱাটোৱেই প্ৰমাণ কৰিছে যে শীঘ্ৰেই অসমতো পৰিবৰ্তন আহিব৷