ছয় জনগোষ্ঠীৰ জনজাতিকৰণঃ বিজেপিয়ে ভিজন ডক্যুমেন্টত দিয়া প্ৰতিশ্ৰুতি পালন কৰক — আপ
মন্ত্ৰী গোটৰ প্ৰতিবেদন এক অদৰকাৰী প্ৰক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভাৰ দুটাকৈ নিৰ্বাচনৰ ভিজন ডক্যুমেন্টত বিজেপি য়ে অসমৰ ছয় জনগোষ্ঠেীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল ৷ এটা কাৰ্যকালত জনজাতিকৰণৰ এটা খোজ আগ নাবাঢ়িল ৷ দ্বিতীয়টো কাৰ্যকাল শেষ হ’বলৈ প্ৰায় চাৰি মাহ আছে ৷ কিন্তু এইকেইটা দিনত যে জনজাতিকৰণ কৰিব পাৰিব তাৰ কোনো নিশ্চয়তা পৰিলক্ষিত হোৱা নাই ৷ এই অভিযোগ আম আদমি পাৰ্টী (আপ), অসমৰ ৷ কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আপ, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰক প্ৰত্যাহ্বান জনায় কয়, তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক ৷ অসমৰ মূল সমস্যাসমুহ সমাধানৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি আহিছে বুলি অভিযোগ কৰি আপ ৰ নেতাজনে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সদিচ্ছা নাই। সদিচ্ছা থকা হ’লে অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি সেই প্ৰস্তাৱ কিন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলেহেঁতেন ৷ মন্ত্ৰী গোটৰ প্ৰতিবেদন এক আভুৱা ভৰা প্ৰক্ৰিয়া বুলি মত প্ৰকাশ কৰি আপ, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াই কয়, ই ২০২৬ ৰ আগত ছয় জনগোষ্ঠী ৰাইজক আভুৱা ভাৰিবলৈ কৰা এক অদৰকাৰী প্ৰক্ৰিয়া ৷ তেওঁ কয় যি, মন্ত্ৰী গোটৰ প্ৰতিবেদনত উল্লেখ কৰা বহু বিষয় সংবিধানৰ বিধি বিধান মতে তেওঁ কয় যে, বিজেপি দল আৰু চৰকাৰে অসমৰ জাতি, জনগোষ্ঠী, জনজাতিসকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰিব বিচাৰে ৷ অসমৰ বৃহত্তৰ অসমীয়া জাতি শক্তিশালী কৰি ৰাখিবৰ বাবে অসমক জনজাতীয় ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা বাদে অন্য বিকল্প নাই বুলিও আপৰ নেতাজনে মত ব্যক্ত কৰে ৷
