ছয়গাওঁ ৰাসত দুই পৰ্টেল সাংবাদিকক গণপ্ৰহাৰ
পলাশবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাওঁ সাৰ্বজনীন ৰাস উৎসৱত সংঘটিত হোৱা দুই পৰ্টেল সাংবাদিকক গণপ্ৰহাৰৰ কাণ্ডই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দক্ষিণ কামৰূপত সাংবাদিকৰ গৰিমাত কালিমা সনা ঘটনা ইয়াৰ পূৰ্বেও বহুবাৰ সংঘটিত হৈছে ৷ বহুবাৰ বহুক্ষেত্ৰত বহু তথাকথিত সাংবাদিকে ধনদাবী কৰাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হৈছে ৷ ইলেক্ট্ৰনিক মিডিয়া,প্ৰিণ্ট মিডিয়াৰ পিছত পৰ্টেল মিডিয়া অহাৰ পাছৰে পৰা সমাজত ধনদাবী কৰি ভুক্তভোগী বহু লোকক হাৰাশাস্তি কৰাৰ তথ্য বাৰম্বাৰ পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷ প্ৰাক্তন মন্ত্ৰী কমলাকান্ত কলিতাৰ সভাপতিত্ব আয়োজিত হোৱা এইবাৰৰ ছয়গাওঁ ৰাস উৎসৱত বাণিজ্যিক মেলাত যোৱা বুধবাৰৰ নিশা চেৰেকী বিকল হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয়,সেই সময়তে পলাশবাৰীৰ দুই পৰ্টেল সাংবাদিক ক্ৰমে ধৰ্মেন্দ্ৰ কলিতা আৰু জিতুমনি শৰ্মাই মোবাইলত দৃশ্য সমূহ আৱদ্ধ কৰিবলৈ লওঁতেই ৰাস সমিতিৰ কিছুমান উদণ্ড স্বেচ্ছাসেৱীয়ে দুই পৰ্টেল সাংবাদিকক গুৰুলাগুৰুলকৈ কৈ মাৰধৰ কৰে ৷ যথাসময়ত ঘটনাস্থলীত আৰক্ষীক অৱগত কৰোৱাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ পাছত দক্ষিণ কামৰূপ প্ৰেছ ক্লাৱে ঘটনাৰ সন্দৰ্ভত ছয়গাওঁ ৰাস সমিতিৰ পৰা স্পষ্টীকৰণ বিচাৰি দুয়ো পক্ষৰ মাজত বুজাবুজি কৰোৱাই দিয়ে ৷ কিন্তু প্ৰাক্তন মন্ত্ৰী কমলাকান্ত কলিতাই ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰে যদিও ক্ষমাপ্ৰাৰ্থী নহয় লগতে এই ঘটনাৰ লগত জড়িত ব্যক্তি সকলক তীব্ৰভাৱে গৰিহণা দিয়াৰ পাছত যাতে তেনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ দুনাই সৃষ্টি নহয় তাৰবাবে কঠোৰভাৱে সকীয়নি দিয়ে ৷ এতিয়া প্ৰশ্ন হয় সাংবাদিকৰ নিৰাপত্তা আৰু ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কোনে দায়িত্ব লব ? স্থানে স্থানে প্ৰেছ ক্লাৱ সমূহ আছে কিন্তু প্ৰেছ ক্লাৱ সমূহৰ ভিতৰচৰাত চলা লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবে বাৰেবাৰে সাংবাদিক সকল ভুক্তভোগী হৈ থাকিব নেকি ?
