ছয়গাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী আৰু দ্বি-বাৰ্ষিক অধিবেশনৰ আয়োজন

Pc Wikipedia

ছয়গাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী আৰু দ্বি-বাৰ্ষিক অধিবেশনৰ আয়োজন

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ স্বীকৃতি লাভ কৰা ছয়গাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী আৰু দ্বি-বাৰ্ষিক অধিবেশন অহা ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সকলে জনাইছে। ছয়গাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত হবলগীয়া অধিবেশনৰ কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰ বিয়লি ৩ বজাত কেৱল সদস্য / সদস্যাৰ মাজত বিষয় বাচনি সভা অনুষ্ঠিত হ’ব। ২৫ ডিচেম্বৰ পুৱা ৯ বজাত বৃহত্তৰ ছয়গাঁও অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিৰ দ্বাৰা অসম সাহিত্য সভাৰ ৫৩ খন পতাকা উত্তোলন কৰিব। ৯-৩০ বজাত বৃক্ষৰোপণ কৰিব ক্ৰমে ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিৰঞ্জীত দাস, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, বিশিষ্ট সমাজকৰ্মী হিমাংশু শেখৰ বৈশ্যই। দিনৰ ১২ বজাত ছয়গাঁও সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ড: প্ৰাণেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰিব ছয়গাঁও স্থিত গ্ৰামীণ চাহাৰাৰ সচিব শৰৎ চন্দ্ৰ দাসে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা। সভাত ছয়গাঁও সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গজেন্দ্ৰ অধিকাৰীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম চৰকাৰৰ খাদী আৰু গ্ৰাম্য উদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতা। সভাত সন্মানীয় অতিথি হিচাপে বিশিষ্ট লেখক ডঃ গণেশ্বৰ চহৰীয়া, কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈ, জিলাৰ প্ৰাক্তন সম্পাদক ৰাজেন মহন্ত উপস্থিত থাকিব।