ছয়গাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ আৰু দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

ছয়গাঁও সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষ আৰু দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত ‘ছয়গাঁও সাহিত্য সভা (স্বৰ্ণ শাখা)’ৰ সোণালী জয়ন্তী বৰ্ষৰ লগতে দ্বি-বাৰ্ষিক অধিবেশন অহা ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ছয়গাঁও সাহিত্য সভা (স্বৰ্ণ শাখা) ৰ উপ সভাপতি বিপুল কুমাৰ ডাকুৱাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে। অধিবেশনৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মুখপত্ৰ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে। সম্পাদক ধীৰাজ কুমাৰ দাসে উদ্দেশ্য বাখ্যা কৰা সাধাৰণ সভাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা সম্পৰ্কত এক বক্তৃতা প্ৰদান কৰে শিক্ষক তথা লেখক দ্বিজেন্দ্ৰ নাথ শৰ্মাই। আনহাতে সভাতেই স্বৰচিত লেখনি পাঠ কৰে ৰবীন ডেকা (কবিতা), বলেন চন্দ্ৰ মেধী (কবিতা), গগন কলিতা (অণুগল্প), বিনীতা নাথ (মনৰ অনুভৱ), পিয়াৰ আলী (প্ৰৱন্ধ), হৰিমতী কলিতা (অণুগল্প), বিপুল কুমাৰ ডাকুৱা (কবিতা) পাঠ কৰে। সভাৰ আন এক প্ৰস্তাৱ মৰ্মে নিস্ক্ৰিয়তাৰ বাবে সহকাৰী সম্পাদক লোহিত চন্দ্ৰ শালৈক অব্যাহতি দি গগন কলিতাক ভাৰপ্ৰাপ্ত সহকাৰী সম্পাদক হিচাপে আৰু লক্ষ্মণ ঠাকুৰীয়াক কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব দি প্ৰস্তাব গ্ৰহণ কৰে। লগতে সোণালী জয়ন্তী আৰু অধিবেশন পৰিচালনাৰ বাবে ন জনীয়া কৰ্ণধাৰ সমিতি এখনো গঠন কৰে।