ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাক সম্বৰ্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা- ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক উপেন ডেকাক ডক্টৰেট ডিগ্ৰী লাভ কৰা হেতুকে অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় তেখেতৰ ছয়গাঁওৰ( বৰুৱাপাৰা) বাসগৃহত।সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতা আৰু সহঃ সম্পাদক তথা আন্তঃৰাষ্ট্ৰীয় মহিলা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়া।লগতে উপেন ডেকাৰ পিতৃ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন চন্দ্ৰ ডেকা, মাতৃ ধৰিত্ৰী ডেকা ,পত্নী নমিতা কলিতা সহ পৰিয়ালৰ আন সদস্য।উল্লেখযোগ্য যে উপেন ডেকাই ২০২৫ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° প্ৰফুল্ল কুমাৰ নাথৰ অধীনত অসমীয়া ভ্ৰমণ সাহিত্য বিষয়ত গৱেষণা সম্পন্ন কৰি অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যি বৰঙনি আগবঢ়ালে সেয়া সচাকৈয়ে অতিকৈ গৌৰৱৰ কথা।
