ছমাহৰ ভিতৰত বঙালী হিন্দুৰ নাগৰিকত্ব সমস্যা সমাধানঃ ড০ হিমন্ত বিশ্ব শৰ্মা

ছমাহৰ ভিতৰত বঙালী হিন্দুৰ নাগৰিকত্ব সমস্যা সমাধানঃ ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- বৰাক উপত্যকাত শিলচৰ লোকসভা সমষ্টিৰ বিজেপি মিত্রজোটৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ সমৰ্থনত ধলাই, বৰখলা আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ সমৰ্থনত পাথাৰকান্দি আৰু উত্তৰ কৰিমগঞ্জত চাৰিখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে হাইলাকান্দিত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। নির্বাচনী প্ৰচাৰ সভাকেইখনত মুখ্যমন্ত্রীগৰাকীয়ে অহা ছয়মাহৰ ভিতৰত বঙালী হিন্দুৰ নাগৰিকত্ব, বিদেশী ট্ৰিবুনেলৰ জাননী, ডি ভোটাৰ ইছ্যুৰ সমাধান কৰা হ’ব বুলি প্রকাশ কৰে। সেইদৰে অহা ২০২৬ চনৰ পূৰ্বে বৰাক উপত্যকাত মিনি সচিবালয়ৰ কাম সম্পন্ন কৰাৰো প্রতিশ্রুতি দিয়ে। একেদৰে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত যোগাযোগ ব্যবস্থা উন্নত কৰাৰ লক্ষ্যৰে শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ নির্মাণকার্য চলাই থকা ইষ্ট-ৱেষ্ট কৰিড’ৰৰ কাম ২০২৬ চনৰ আগতে সম্পূৰ্ণ কৰা হ’ব বুলি প্রকাশ কৰে। ধলাই সমষ্টিৰ বি এন এম পি স্কুল খেলপথাৰত আয়োজিত বিশাল নির্বাচনী সমাৱেশখনত ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অহা ২৬ এপ্রিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা পৰিমল শুক্লবৈদ্যক বিপুল ভোটত জয়ী কৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সবল নেতৃত্বৰে ক’ভিড মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক ভেকচিন প্রদান কৰি অসংখ্যজনৰ জীৱন ৰক্ষা কৰিছিল। লকডাউনৰ সময়ত বিনামূলীয়া চাউল প্ৰদান কৰাৰ লগতে উজ্জ্বলা গেছ, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা সেৱা আদি অভূতপূর্ব পদক্ষেপেৰে সমগ্ৰ দেশৰ লগতে অসমখনক আগুৱাই নিয়াৰ বাবে প্রচেষ্টা হাতত লৈছিল। কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰি লাভ কৰিবলৈ দালালক টকা দিব লাগিছিল। বৰ্তমানৰ বিজেপি চৰকাৰে যোৱা বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত যি এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্রদান কৰিছিল সেয়া আজি বাস্তৱায়িত কৰা হৈছে। বিজেপি চৰকাৰৰ দিনত কাকো এটকাও নিদিয়াকৈ দৰিদ্ৰ শ্ৰেণীৰ লগতে মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। চলিত বছৰত আৰু ৫০ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ’ব। ভাষণত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে লোকসভা নিৰ্বাচনৰ পিছতে ৰেচন কার্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় প্রদান কৰা হ’ব। লাখপতি বাইদেউসকলকো তেওঁলোকৰ একাউণ্টত ১০ হাজাৰ টকাকৈ দিয়া হ’ব। সেই ধন সঠিকভাবে ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত পুনৰ ২৫ হাজাৰ টকাকৈ দিয়া হ’ব। ছাত্ৰীসকলক পঢ়াৰ দায়িত্বও চৰকাৰে গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এইবাৰ মেট্রিক উত্তীর্ণ ছাত্রীসকলে কলেজত নামভৰ্তি কৰাৰ পাছত তেওঁলোকক কলেজলৈ অহা-যোৱাৰ বাবে বছৰি ১০ হাজাৰ টকা, স্নাতক শ্রেণীত নামভৰ্তি কৰাসকলক বছৰি ১২,৫০০ টকা আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰাসকলক বছৰি ২৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব। তদুপৰি নিবনুৱাসকলক ব্যৱসায়-ক্ষুদ্র উদ্যোগ নিৰ্মাণৰ বাবে চৰকাৰৰ তৰফৰ পৰা কোনো বন্ধক নিদিয়াকৈ ২ লাখ টকাৰ ঋণ প্রদান কৰিব বুলিও উল্লেখ কৰে। বিজেপি চৰকাৰৰ দিনত বৰাক আৰু ব্ৰহ্মপুত্র উপত্যকাত সমউন্নয়ন সম্ভৱ হৈ উঠিছে বুলিও মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত উল্লেখ কৰে। এই সভাখনত শিলচৰ লোকসভাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদীপ ৰয়, বিধায়ক মিহিৰকান্তি সোম, কৌশিক বয় আদি উপস্থিত থাকে।