ছবছৰীয়া বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া

ছবছৰীয়া বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ছবছৰীয়া বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিৰোধী দলৰ নেত্ৰী খালেদা জিয়া। শ্বেখ হাছিনাই দেশৰ পৰা পলায়ন কৰাৰ কেইঘণ্টামানৰ পাছতে সোমবাৰে খালেদা জিয়াৰ মুক্তিৰ নিৰ্দেশ দিছিল বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দীনে।খালেদা জিয়াৰ মুক্তিৰ লগে লগে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দীনে সংসদ ভংগ কৰে। বাংলাদেশ আৱামী লীগৰ শ্বেখ হাছিনাৰ পদত্যাগ আৰু তেওঁৰ দলৰ বিৰুদ্ধে ব্যাপক হিংসাৰ মাজতে দেশ ত্যাগ কৰাৰ মাত্ৰ এদিন পাছতে বেগম খালেদা জিয়াৰ মুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।সোমবাৰে এক বিবৃতিত ৰাষ্ট্ৰপতিৰ প্ৰেছ বিভাগে কয় যে চাহাবুদ্দিনৰ নেতৃত্বত এখন বৈঠকত ‘বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ (বি এন পি) অধ্যক্ষ বেগম খালেদা জিয়াক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ সৰ্বসন্মত সিদ্ধান্ত লোৱা হৈছে’ । ৰাষ্ট্ৰপতিৰ বিবৃতিত লগতে কোৱা হৈছে, “ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ হোৱা সকলো লোকক মুক্ত কৰাৰ সিদ্ধান্তও বৈঠকত লোৱা হৈছে ।” ৰাষ্ট্ৰপতিৰ বৈঠকত বাংলাদেশ নেচনেল পাৰ্টী (বি এন পি) আৰু জামাত-ই-ইছলামীকে ধৰি বিভিন্ন বিৰোধী দলৰ বিশিষ্ট নেতাসকলৰ লগতে নৌ-সেনা আৰু বায়ুসেনাৰ মুৰব্বী সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানো উপস্থিত থাকে।বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়া ২০১৮ চনত বিভিন্ন দুৰ্নীতিৰ গোচৰত ১৭ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈছিল।খালেদা জিয়া প্ৰথমবাৰৰ বাবে ১৯৯১ চনত প্ৰধানমন্ত্ৰী হৈছিল আৰু ১৯৯৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকাল আছিল ২০০১ চনৰ পৰা ২০০৬ চনলৈ।