ছন্দ পতনৰ ছন্দ
দহত অফিচ, পাচত ঘৰ
নহ’লে বন্ধ, নহয় লৰ ।
মোৰ ৩৫ বছৰীয়া চাকৰিৰ ছন্দ আছিল
মোৰ দেহত, মোৰ মনত,
মোৰ চিন্তাত, মোৰ কামত।
ছন্দ হেৰাল ৩১ – ৮ – ২০১৩ ত
খহি পৰিল ৩১ টা বছৰৰ স্তূপ
মাত্ৰ এদিনতে ,
নিচাগ্ৰস্ত সুৰাপায়ীৰ নিচা শেষ হ’ল ।
মোৰ শোৱনি কোঠাৰ ঘড়ীটোৱে আজি
কবলৈ এৰিলে,
দহ বাজিবলৈ দহ মিনিট বাকী,
ঘৰৰ ঘৈণীয়ে কবলৈ এৰিলে —
আহোতে যদি নানে পাচলি
খাবলৈ নাই ৰাতি ।
কোনেও আজি নোসোধে মোক —
অফিচৰ পৰা ঘৰলৈ আহোঁতে
কিয় ইমান দেৰি ?
পানীৰ মৰমত জিঞাঁই
ঘূৰি ঘূৰি চায়,
পানীলৈ পুনঃ উভতি নাযায় ।
মোৰ ন’ষ্টালজিক মনক
কেনেকৈ বুজাম মই —
‘অতীত মৰিল গ’ল,
তাৰ কথা অন্ত হ’ল,
মনৰ পৰাই তাক
দিয়া বিসৰ্জন ।’
এই যে মোৰ ছন্দময়ী হিচাপটো —
পইচা ৰুমাল কলম ফণী,
চছমা ঘড়ী মোবাইল পানী ।
পাবগৈ নে কাহানিবা আকৌ
অফিচৰ কোঠালি ?
অতীত মৰিলেও প্ৰেতাত্মা হৈ
ঘূৰি আহে অতীত ।
ছন্দ পতনত জাগি উঠে
ছন্দ আকৌ —
অতীত ছন্দ মোৰ
মৃত্যু নাই তাৰ
কিন্তু শুই থাকে নিঃশব্দে,
স্মৃতিৰ তন্ত্ৰীত বাজে
যেতিয়া সুৰ তাৰ
জাগি উঠে একে জাপে ।
পবিত্ৰ কুমাৰ শৰ্মা