ছদ্মবেশেৰে ধন, অলংকাৰ লুট : প্ৰতিজন মানুহ সচেষ্ট হোৱা ভাল-দীপক শৰ্মা

ছদ্মবেশেৰে ধন, অলংকাৰ লুট : প্ৰতিজন মানুহ সচেষ্ট হোৱা ভাল

দীপক শৰ্মা
বোন্দা, নাৰেংগী

সাৱধান । সাৱধান । গুৱাহাটী, দক্ষিণ কামৰূপৰ লগতে ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ ভিন-ভিন প্ৰান্তৰ গৃহত পুৰুষ নথকাৰ সুযোগতে একাংশ লোকে বিভিন্ন বেশত বিশেষকৈ সন্ন্যাসীৰ বেশত অহা, কিছুমান দুষ্কৃতিপৰায়ণ লোকে ঘৰৰ মহিলা, যুৱতীক নানান প্ৰলোভন দেখুৱাই জৰা-ফুকা আদিৰে অপায়-অমংগল বিনাশ কৰাৰ কথা কৈ, বেমাৰ-আজাৰ, বাত-বিষ বা শীঘ্ৰে ঘৰত সুন্দৰভাৱৰ দিন আহিব বুলি কৈ ঘৰত থকা সোণৰ অলংকাৰ চাফ-চিকুণ কৰি দিলে সকলোবোৰ সমস্যাৰ ওৰ পৰিব বুলি কয় । ডিঙিত পিন্ধি থকা চেইনডালৰ পৰা আৰম্ভ কৰি হাতত থকা বা ঘৰত থকা সোণৰ অলংকাৰবোৰ চাফা কৰি দিয়াৰ বিনিময়ত মাথোঁ ৭০০ ৰ পৰা ৮৫০ টকা বিচাৰে । অলেখ সপোন দেখুৱাই বিভিন্ন বেশত অহা এই বিলাক লোকে । পৰবৰ্তী সময়ত এওঁলোকে সমগ্ৰ সোণৰ অলংকাৰসমূহ ফুলাম গামোচাত বান্ধি দিয়া বুলি কৈ ঘৰৰ মন্দিৰ বা থাপনাত থবলৈ কয় আৰু সন্ধ্যা ভাগত ইয়াক চাকী-বন্তি দি গামোচাৰ পৰা উলিয়াই ল’ব কয় । ক্ষন্তেক পিছতে তেওঁলোক অন্তৰ্ধান হৈ পৰে । এইবোৰ গোকাট মিছা । আমাৰ বিনম্ৰ অনুৰোধ- মহিলা, যুৱতীসকল সচেষ্ট হওক । নহ’লে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে হ’ব । এই সন্ন্যাসী বা দুষ্ট চক্ৰৰ কাহিনীবোৰ আৰক্ষীৰ চি বি আই, চি আই ডি ৰ লগতে অপৰাধ অনুসন্ধান বিভাগ, প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱা নাই, তাকে লৈ আমাৰ দৰে অল্পমতিবোৰে আচৰিত হৈছোঁ । এইসকলে পিছলৈ ভয়ংকৰ অপৰাধ সংঘটিত কৰিব পাৰে । তাৰ বাবে চিন্তিত হৈ পৰিছোঁ । গতিকে , ৰাইজক সাৱধান হোৱাৰ কাৰণে অনুৰোধ জনোৱা হ’ল, যাতে এই দুষ্কাৰ্য সংঘটিত কৰিবলৈ সুযোগ নাপায় । চৰকাৰ, প্ৰশাসন, আৰক্ষীৰ লগতে বিভিন্ন প্ৰতিষ্ঠানসমূহে এইক্ষেত্ৰত যথোচিত ধৰণেৰে ৰাইজক সচেতনতা কৰিব বুলি আশা কৰিলোঁ ।