ছদ্মবেশী – মুন শৰ্মা

Pc Vecteezy

ছদ্মবেশী  

মুন শৰ্মা,লখিমপুৰ

এদিন দুদিন বহু দিন,
মোৰ জীৱন বাটত,
মোৰ মন কাৰেংত জোনাকী হৈ উমলা,
অনন্ত হেপাহ আনবিল আনন্দৰ
এপাহ খিৰিকাজাই,
পুৱাতে আৰম্ভ দুপৰ নিশাত সমাপ্ত
তথাপি আধৰুৱা তৃষ্ণা সানিধ্যৰ
হিয়াৰ ফুলনি খনৰ এজনী ৰঙীল পখিলা।
জীৱন ডায়েৰীৰ এখিলা  সোণালী পাত,
অনুভৱ এতিয়া……..
শান্ত  হৃদয়াৰণ্যৰ অশান্ত  ছদ্মবেশী তেজপিয়া,
বিষাদৰ হাতোৰাত বন্দী হিয়া,
দুখৰ বন্ধকত মোৰ প্ৰতিদিন,
আলফুলীয়া মৰম নিক্ষেপ ডাষ্টবিনত,
 প্ৰতাৰণাৰ বজাৰত মোৰ হৃদয় বেচা,
প্ৰতিশ্ৰুতিৰ এজনী মিছা ভাৱৰীয়া,
সঁচা মৰমৰ প্রতিদান অনাদৰৰ।
মুখা মুখা এখনি মুখাৰ প্ৰলেপত আৱদ্ধ,
মিছা মিছা সকলো মিছা
প্ৰলোভনৰ এখনি জাল প্ৰেমৰ নামত,
বিশ্বাসঘাতকতাৰ নিপুণ যোদ্ধা।
বুজি পালোঁ নিসন্দেহ  ই  মাথোঁ ছদ্মবেশ।