ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে  শপত ল’লে ৰমেন ডেকাই

ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে  শপত ল’লে ৰমেন ডেকাই

ৰঙিলী বাৰ্ত্তাসেৱা- ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে  শপত ল’লে ৰমেন ডেকাই । ৰায়পুৰৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৰমেন ডেকাক শপত বাক্য পাঠ কৰায় ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰমেশ সিন্হাই । তেঁও ৰাজ্যখনৰ দশমগৰাকী ৰাজ্যপাল হিচাপে বুধবাৰে শপত লয়।  উল্লেখ্য যে ৰাজ্যপাল হিচাপে নিযুক্তিলাভৰ পিচত মঙলবাৰে সন্ধিয়া ৰমেন ডেকা ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত উপস্থিত হয় । অসমৰ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৰাজ্যখনৰ বৰ্তমানৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনৰ স্থানত দশমগৰাকী ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বিশ্বভূষণ হৰিচন্দনে ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিছিল । জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ ৰমেন ডেকাক অসম বিজেপিৰ তীক্ষ্ণ নেতাসকলৰ মাজত এগৰাকী হিচাপে গণ্য কৰা হয় । ৰাজনীতিৰ ক্ষেত্ৰখনত তেওঁৰ অভিজ্ঞতা যথেষ্ট । ইয়াৰ পূৰ্বে মঙলবাৰে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ।