ছত্তীশগড়ত  IED বিস্ফোৰণত এজন জোৱান শ্বহীদ

ছত্তীশগড়ত  IED বিস্ফোৰণত এজন জোৱান শ্বহীদ

ৰঙিলী বাৰ্ত্তাসেৱা-  ছত্তিশগড়ৰ বিজাপুৰ জিলাত নক্সালবাদীসকলে স্থাপন কৰা এটা ইম্প্র’ভাইজড এক্সপ্ল’চিভ ডিভাইচ (IED) বিস্ফোৰণত ছত্তিশগড় আৰক্ষীৰ ডিষ্ট্ৰিক্ট ৰিজার্ভ গার্ড (ডিআৰজি)ৰ এজন জোৱান নিহত আৰু তিনিজন আন কর্মী আহত হৈছে। এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, এই বিস্ফোৰণ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান এলেকাত পুৱা সংঘটিত হৈছিল, যেতিয়া ৰাজ্য আৰক্ষীৰ এটা ইউনিট ডিআৰজিৰ এটা দল নক্সাল-বিৰোধী অভিযানত নামিছিল। বিষয়াগৰাকীয়ে জনোৱা মতে, ডিআৰজিৰ জোৱান দীনেশ নাগ এই বিস্ফোৰণত নিহত হৈছে আৰু আন তিনিজন কর্মী আহত হৈছে।  আহত জোৱানকেইজনৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে। প্ৰাথমিক চিকিৎসাৰ পিছত জোৱানকেইজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।  দেওবাৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ বিশদ তথ্য পিছত প্ৰকাশ কৰা হ’ব বুলি বিষয়াগৰাকীয়ে কয়। এই ঘটনাই বিজাপুৰৰ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান এলেকাত নক্সালবাদী কাৰ্যকলাপৰ তীব্রতা পুনৰ প্ৰকাশ কৰিছে, য’ত পূৰ্বৰো বহু সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।