ছত্তীশগড়ত দুৰ্ধৰ্ষ ৩৭ মাওবাদীৰ আত্মসমর্পণ

Pc The Statesman

ছত্তীশগড়ত দুৰ্ধৰ্ষ ৩৭ মাওবাদীৰ আত্মসমর্পণ

ৰঙিলী বাৰ্ত্তাসেৱা- ছত্তীশগড়ত ৩৭জন মাওবাদীৰ আত্মসমর্পণ। দান্তেৱাৰা জিলাত চিআৰপিএফ আৰু পুলিচৰ শীৰ্ষ বিষয়াবৰ্গৰ সন্মুখত আত্মসমর্পণ কৰে এই মাওবাদীসকলে। আত্মসমর্পণকাৰীসকলৰ মাজত ১২গৰাকী মহিলাও আছে। মিলিতভাবে এই আত্মসমর্পণকাৰী মাওবাদীসকলৰ মূৰৰ দাম আছিল ৬৫ লাখ টকা। দেওবাৰে জিলাখনৰ পুলিচ ছুপাৰ গৌৰৱ ৰায়ে কয়- ‘আত্মসমর্পণকাৰীসকলক চৰকাৰী পুনৰ সংস্থাপন প্ৰকল্পৰ অধীনত সুবিধা প্রদান কৰা হ’ব।’ উল্লেখযোগ্য যে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা মাওবাদ নির্মূল কৰাৰ লক্ষ্য স্থিৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে।