ছত্তিশগড়ত ভয়ংকৰ ৰে’ল দুর্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- ছত্তীশগড়ত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ৰাজ্যখনৰ বিলাসপুৰ জিলাত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনাটো। হাওড়া পথত এখন যাত্রীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মুখামুখি সংঘর্ষ হয়। গট’ৰা আৰু বিলাসপুৰ ষ্টেচনৰ মাজত প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ পিছত ঠাইখিনিত এক আতংকময় পৰিৱেশ সৃষ্টি হয়।ৰে’লগাড়ীৰ কেইবাটাও দবা লাইনচ্যুত হয়। প্ৰাথমিক তথ্য মতে এই দুৰ্ঘটনাত প্ৰায় ছয়জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত লগতে কেইবাওজন লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।দুৰ্ঘটনাৰ পিছতে ৰে’ল কৰ্তৃপক্ষ তথা প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলে আহত লোকসকলক উদ্ধাৰ কৰি লগে লগে সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰে’ল কৰ্তৃপক্ষ তথা প্ৰশাসনিক দলে। এই দুৰ্ঘটনাৰ পিছত সমগ্ৰ ট্ৰেকৰ চলাচল স্থগিত কৰা হৈছে।
