ছট পূজা উপলক্ষে যান-বাহনৰ চলাচলৰ ওপৰত নীতি-নিৰ্দেশনা জাৰি
ৰঙিলী বাৰ্ত্তাসেৱা – মহানগৰ আৰক্ষীয়ে ৩০ আৰু ৩১ অক্টোবৰত উদযাপন কৰিবলগা ছট পূজা উপলক্ষে যান-বাহন চলাচলৰ ওপৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ৩০ অক্টোবৰৰ দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ভক্তসকলে পূজাৰ স্থান এৰি যোৱালৈ এই নিষেধাজ্ঞা জাৰী কৰা হৈছে। ৩১ অক্টোবৰত এই নিষেধাজ্ঞা পুৱা ১ বজাৰ পৰা আৰোপ কৰা হ’ব আৰু পূজাৰ স্থানৰ পৰা ভক্তসকলৰ প্ৰস্থানলৈকে অব্যাহত থাকিব।
আৰক্ষীয়ে আৰোপ কৰা যান-বাহনৰ নিৰ্দেশনাবোৰ হ’ল-
১)ভক্ত সকলক কঢ়িয়াই অনা বাহনৰ বাহিৰে কোনো বাহনক এপ’লো পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্টৰ মাজৰ এম জি ৰোডৰ অংশত চলাচল কৰিবলৈ অনুমতি দিয়া নহ’ব।
২) ভৰলুমুখৰ ফালৰ পৰা পানবজাৰ আৰু চান্দমাৰী অভিমুখে অহা চিটি বাছকে ধৰি সকলো বাহন এপ’লো পইণ্টত টিআৰপি ৰোডহৈ এইচবি ৰোডৰ ফালে যাব লাগিব। এন.বি. হল পইণ্টত, বাহনবোৰে বাওঁফালে ঘূৰিব আৰু এফ.চি. ৰোড, তৈয়াবুল্লা ৰোড আৰু জি.এন.বি. ৰোডহৈ যাব।
৩)চান্দমাৰীৰ ফালৰ পৰা পানবজাৰ, ভৰালুমুখ আৰু জালুকবাৰী অভিমুখে অহা চিটি বাছকে ধৰি সকলো বাহন জিলা পুথিভঁৰাল, আৰবিআই পইণ্টহৈ টিচি পইণ্টৰ দিশে যাব আৰু তাৰ পিছত পানবজাৰত উত্তৰ দিশত উজানবজাৰ বাওঁফালে ঘূৰি যাব, আৰু এ টি ৰোডহৈ ভৰালুমুখ আৰু জালুকবাৰীলৈ যাব।
৪) টিচি পইণ্টৰ ফালৰ পৰা জিএনবি পথৰ মাজেৰে পানবজাৰ আৰু ফেন্সিবজাৰ অভিমুখে লঘু বাহনবোৰ এমএলএন পথ, এইচবি ৰোডৰ মাজেৰে যাব।
৫) উজানবজাৰ, লটাশিলৰ ফালৰ পৰা ভৰলুমুখৰ ফালে সকলো লঘু বাহন টিচি ৰোড, তৈয়াবুল্লা ৰোড, জিএনবি ৰোড আৰু এটি ৰোডহৈ যাব।
৬) খানাপাৰাৰ পৰা ভৰলুমুখ, জালুকবাৰী অভিমুখে অহা সকলো চিটি বাছ পানবজাৰ অভাৰব্ৰীজ দক্ষিণ বিন্দুৰ পৰা এটি ৰোডহৈ যাব।
৭) জালুকবাৰীৰ পৰা অহা এএছটিচিৰ অধীনত চলি থকা আন্তঃ জিলা বাছ (চিটি বাছ আৰু ভক্ত কঢ়িয়াই অনা বাহনৰ বাহিৰে) সহ সকলো বাহনক চহৰখনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। জালুকবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ হৈ বাহনবোৰ আইএছবিটিৰ ফালে যাব লাগিব।
৮) ৰাষ্ট্ৰীয় ঘাইপথ-২৭, চন্দ্ৰপুৰ, পানীখাইতীৰ ফালৰ পৰা, চহৰৰ ভিতৰত অহা বাণিজ্যিক সামগ্ৰী কঢ়িয়াই অনা বাহনবোৰৰ প্ৰৱেশ ৩০ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩১ অক্টোবৰৰ পুৱা ৯ বজালৈ সীমিত কৰা হ’ব।