চৰ্চিত ঘোঁৰা ডাঙৰীয়া আৰু অসম
বিউটী হাজৰিকা, কলিয়াবৰ
যোৱা কেইবা মাহ ধৰি সামাজিক মাধ্যমত ” ডাঙৰীয়া আহিছে আঁতৰি দিয়ক” এই ৰীলটো বৃহৎ চৰ্চাত থকা পৰিলক্ষিত হৈছে। তাতকৈও আচৰিত হ’ব লগা কথা এইটোৱে যে এই ৰীলটো এই বৰ্ষৰ ৰঙালী বিহু মঞ্চত পৰিৱেশন কৰাও দেখা গৈছে। অভিনেতা সকলোকো এই ৰীলত অভিনয় কৰা দেখা গৈছে। কণ কণ শিশুসকলৰ লগত অভাৱক সকলো বাদ পৰি থকা নাই। কাৰণ মিলিয়ন দৰ্শকে ৰীলটো উপভোগ কৰিব। তাতেই বাৰু আনন্দ সীমাবদ্ধ নেকি?
এই ৰীলটোত অন্ধবিশ্বাসৰ বাবে সমালোচনাৰ পাত্ৰ হোৱা মহিলা সকল অতি সাধাৰণ হোৱা বাবে যিমান পাৰি সিমান উপলুঙা কৰিছে এচাম সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে। কিন্তু যেতিয়া যুৱতী সকলৰ উচ্চ ৰক্তচাপ সংঘটিত হয় তেতিয়া ডাঙৰ গছৰ তলত প্ৰস্ৰাৱ কৰাৰ বাবে গৰুৰ ৰছীৰ ওপৰেদি দেই যোৱা বুলি সন্দেহতে জ্যোতিষীৰ ওচৰত দোষ লাগিছে বুলিও চুৱা – চিতা কৰা, বুকুত হাত থ’লে ৰাতি হেঁচনিয়ে ধৰা বুলি সন্দেহ কৰা, আয়তকৈ ব্যয় বেছি হ’লে ঘৰখনৰ ওপৰত কাৰোবাৰ চকু পৰিছে বুলি সন্দেহ কৰা, সংসাৰ এখন ভাঙিলে কোনোবাই পিন্ধি থকা কাপোৰ কাটি লৈ বেজালি কৰা বুলি সন্দেহ কৰা,নাবালিকা বয়সত পলাই গ’লে কিবা যাদু কৰি বশ কৰা বুলি সন্দেহ কৰা, বোৱাৰীয়ে যৌতুকত ক’লা ৰঙৰ প্ৰলেপ দিয়া সা- সামগ্ৰী আনিলে ঘৰে ঘৰে সমালোচনা কৰা, কেঁচুৱা ই জন্ম হৈ কান্দিলে চিকিৎসালয়ৰ পৰা অদৃশ্য শক্তি গাত লম্ভি আহিছে বুলি নহৰুৰ সূতা ডিঙিত বান্ধি দিয়া, বদহজমৰ ফলত বমি কাৰোবাৰ মুখ লাগিছে বুলি বিহলঙনী পাতেৰে জৰা- ফুকা কৰা, কাৰোবাৰ ঘৰৰ যিকোনো এজন সদস্যই আত্মহত্যা কৰিলে সেই ঘৰখনৰ লৈ নিজ সন্তান বা গাওঁবাসীক ভূত ওলোৱা বুলি বচন শুনোৱা ইত্যাদি ইত্যাদি। এই পুৰণিকলীয়া চিন্তাৰে জৰ্জৰিত অসমৰ অন্ধবিশ্বাসৰ বাঘজৰী ডাল আপোনাৰ মোৰ গাওঁ খনতে বৰ্তমানো প্ৰচলিত হৈ থকা নাই নে? আনকি পূৰ্ব জন্মৰ পাপৰ ফলত কেঞ্চাৰ হোৱা বুলি সন্মানীয় ডক্টৰেট ডিগ্ৰী ধাৰি আমোলা সকলক লৈ কি ৰীল বনালে সামাজিক মাধ্যমত? সাধাৰণ মানুহে ভূল কৰিলে উপৰ্যুপৰি সমালোচনাৰ পাত্ৰ কৰিলেই জানো বিয়োগ হ’ব কোলাই পাচিয়ে আৱৰি থকা অন্ধবিশ্বাসৰ বোজা? অন্ধবিশ্বাসৰ ঘটনা সংঘটিত হ’লে হাতত থকা মোবাইল টোত ভিডিঅ’ কৰাৰ বাদে আচল ৰহস্যক পোহৰাব লৈ চেষ্টা কৰিছো নে বাৰু আপুনি মই? ইন্টাৰনেটৰ চহৰত বাস কৰা আমি বোৰে শৰীৰ চৰ্চাৰ বাবে ব্যায়াম শিকি, দেশৰ বিভিন্ন উচ্চ শিক্ষিত ডাক্তৰৰ লগত যোগাযোগ ৰাখি নিজক সুস্থ কৰাৰ ক’ত যে প্ৰয়াস আমাৰ নহয় নে? কিন্তু আমাৰ ওচৰৰে ৰাম ,ৰহিম , ভদ্ৰেশ্বৰী খুড়ীহঁতক কুকৰে কামুৰিলে, জলাতংক, মেলেৰিয়া হ’লে ডাক্তৰৰ পৰামৰ্শ ল’বলৈ সজাগতা সৃষ্টি কৰি পাইছোঁ নে? চকু মুদা কুলিৰ ভাও জুৰি থকাৰ বাবে এতিয়াও অন্ধবিশ্বাসৰ অন্ধকাৰে গ্ৰাস কৰি আছে আমাক মোক আমাৰ সমাজক।
অসমীয়াত এটি প্ৰবচন আছে নহয় ” চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি” এই ধাৰণাৰে আগুৱাই থাকিলে। উদ্ভৱ হোৱা সমস্যাবোৰক শিপাতে উঘালিব নেপেলালে। বগা ঘোঁৰাক ডাঙৰীয়া ৰূপে আদৰাৰ হাবিয়াস অসমৰ সমাজত অনাদি সময়বোৰতো বিয়পি থাকিব। গতিকে বীৰুবালা ৰাভাৰ মৃত্যু দিৱসক আন্তজাৰ্তিক ভাৱে পালন কৰাৰ ওপৰিও তেওঁৰ প্ৰকৃত আদৰ্শকহে অনুকৰণ কৰি সমাজত বিয়পাব লাগে।