চৰিত্ৰ – শৈলেন কুমাৰ

Pc Writing Mastery Academy

চৰিত্ৰ

শৈলেন কুমাৰ,মিৰ্জা

সকলোৰে একোটা চৰিত্ৰ থাকে
এই চৰিত্ৰ নাটকৰ নহয়
বৰঞ্চ চৰিত্ৰটো জীৱনৰহে

আমি জানো মানি লব বিচাৰোঁ
জীৱনৰ ৰংগমঞ্চত আমাৰ
জীৱনৰ জীয়া চৰিত্ৰৰ কথা

হিচাপনিকাচ থাকে জীৱনৰ
কিন্তু প্ৰকৃত হিচাপনিকাচৰ কথা
জানো কোনোৱে বুজিবলৈ চেষ্টা কৰে

জীৱন নাটৰ চৰিত্ৰ বহুৰঙী
কিন্তু চিৰসত্য কেৱল মাথোঁ শূন্য
জীৱনত পালা কি,হেৰুৱালা কি ?

অন্তহীন চিন্তা,শান্তিৰ বিয়োগ
চৰিত্ৰত জানো কিবা দাগ লাগে
আনন্দতে সৰ্বস্ব, অশান্তিত পৰিত্যক্ত

সকলোৰে এটা চৰিত্ৰ থাকে
চৰিত্ৰটো যেন আপোন আপোন লাগে
মৰুভূমিৰ মৰীচিকা সদৃশ জীৱন আমাৰ
চৰিত্ৰকলৈ আত্মবিভোৰ হৈ থাকে