চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপনৰ

চৰাইদেউ জিলা সাহিত্য সভাৰ উদ্যোগত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপনৰ অভ্যৰ্থনা সমিতি গঠন সংক্ৰান্তত ৰাজহুৱা আলোচনা সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- চৰাইদেউ জিলা ১৩ জুলাইত সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপন উপলক্ষে চৰাইদেউ জিলাত সুৱাগুড়ি তোলা অনুষ্ঠানৰ অভ্যৰ্থনা সমিতি গঠন সংক্ৰান্তত ৰাজহুৱা আলোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক বিপুল বৰুৱাই। অসম সাহিত্য সভাৰ প্ৰকাশন উপসমিতিৰ আহ্বায়ক ড০ ৰঘুনাথ কাগয়ুঙে তাৎপৰ্য ব্যাখ্যা কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ দ্বাৰা নিয়োজিত পৰ্যবেক্ষক ক্ৰমে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য নৰেন চন্দ্ৰ বৰা, উত্তৰ-পশ্চিম যোৰহাট শাখা সাহিত্য সভাৰ সভাপতি তথা অধ্যক্ষ শ্যামলীমা বৰা, তৰাজান শাখা সাহিত্য সভাৰ সভাপতি জোনা দত্তই বক্তব্য আগবঢ়ায়। সভাত চৰাইদেউ জিলা আয়ুক্তক সভাপতি, সমাজকৰ্মী মণি গগৈ আৰু ৰমা কোঁৱৰক কাৰ্যকৰী সভাপতি, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁইক সম্পাদক, বিপ্লৱজ্যোতি ৰাজখোৱা, বিপুল মহন্ত, ভূপেন বৰুৱাক সহকাৰী সম্পাদক আৰু ত্ৰিশগৰাকী বিশিষ্ট ব্যক্তিক সদস্য হিচাপে লৈ সৰ্বসন্মতিক্ৰমে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সভাতেই লেখক ক্ৰমে ৰঞ্জিত বুঢ়াগোহাঁই, ৰিণ্টু টায়ে, আৰতি বৰা, ভীমবৰ পাতিৰি, নিৰু কাকতি ৰাজখোৱা, ৰাতুল চেতিয়া ফুকন, মুকুট বৰগোহাঁই, কল্পনা বৰুৱা, বৰ্ণালী আৰন্ধৰা, পদ্মজা ফুকন, মাখনি গোস্বামী, সুনন্দ বৰগোহাঁই, অমিয়া গগৈ সোণোৱালৰ লগতে বিশগৰাকীৰো অধিক লেখকৰ গ্ৰন্থ উন্মোচন কৰা হ’ব। লেখক দীপালী শইকীয়াৰ সম্পাদনাত প্ৰকাশ হ’বলগীয়া স্মাৰকগ্ৰন্থৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সোণাৰি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দিনৰ ২ বাজি ৩০ মিনিটৰ পৰা শতাধিক সাহিত্য অনুৰক্তৰ সহযোগিতাত আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনেৰে সফল সমাপ্তি ঘটে।