চৰাইদেউ জিলাৰ সোণাৰিৰ টাওকাক নদীত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

চৰাইদেউ জিলাৰ সোণাৰিৰ টাওকাক নদীত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চৰাইদেউ জিলাৰ সোণাৰিৰ টাওকাক নদীত পুনৰ এটা প্ৰাপ্তবয়স্ক বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, সোণাৰিৰ টাওকাক নদীৰ টিপলিং ডুবিত এটা হাতীৰ মৃতদেহ লাগি থকা অৱস্থাত স্থানীয় ৰাইজে প্রত্যক্ষ কৰি লগে লগে বন বিভাগক খবৰ দিয়ে। সোণাৰি আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বাওঁ ভৰিত আঘাতৰ চিহ্ন চাই কোনো দুৰ্বৃত্তই আঘাত হনাৰ ফলত হাতীটোৱে খোজকাঢ়ি যাব নোৱাৰি সেই স্থানত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উল্লেখযোগ্য যে বিগত ২১ অক্টোবৰতো সোণাৰিৰ নাফুক চাহ বাগিচাত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।