চৰাইখানা – নিবেদিতা শইকীয়া

Pc Beach wallpaper

চৰাইখানা

নিবেদিতা শইকীয়া
নগাঁও

আজি যিটো ষ্টেচন অভিমুখে আপুনি গৈ আছে
পালেই যাত্ৰা সমাপ্ত হ’ব বুলি ভাবি আছে
সেই ষ্টেচনটো পোৱাৰ পিছত দেখিব
আৰু এটা নতুন ষ্টেচনৰ
হাত বাউলি !
জীৱনটো এনেকুৱাই
যাত্ৰাৰ শেষ নাই
দূৰৰ পৰা শেষ ষ্টেচন বুলি ভবা ,
হাবিয়াস থকা ষ্টেচনটো পোৱাৰ পিছত
আপুনি ৰৈ নাযায় তাতে
কিছুদিন জিৰণি লৈ আকৌ
যাত্ৰাৰ বাবে উদবাউল হৈ উঠে
সকলো চৰাইখানা মাত্ৰ !
লক্ষ্য সুদূৰ পৰাহত
যাত্ৰা অবিৰত , আমৰণ !