চৰকাৰ আৰু আলফাৰ মাজত স্বাক্ষৰিত হ’ল ত্ৰিপাক্ষিক শান্তি চুক্তি

চৰকাৰ আৰু আলফাৰ মাজত স্বাক্ষৰিত হ’ল ত্ৰিপাক্ষিক শান্তি চুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীত ৰচনা হল ইতিহাস। প্ৰায় ১২ বছৰ ধৰি চলা আলোচনাৰ অন্তত স্বাক্ষৰিত হ’ল কেন্দ্ৰীয়-ৰাজ্য আৰু আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি। এই চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আলফাৰ ৮জন প্ৰতিনিধি, ১৪ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে অন্য বিষয়-ববীয়া।  আলফা নেতৃত্বৰ মতে, চুক্তিখনে অসমৰ থলুৱা জাতি-জনগোষ্ঠীক আগন্তুক ৬০ বছৰৰ বাবে সাংবিধানিক তথা ৰাজনৈতিক সুৰক্ষা প্রদান কৰিব। উল্লেখ্য যে এই ত্রিপাক্ষিক চুক্তিখনত কেন্দ্রীয় চৰকাৰৰ হৈ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ বিভাগৰ অতিৰিক্ত সচিব পীয়ূষ গোৱেল, অসম চৰকাৰৰ হৈ অতিৰিক্ত মুখ্য সচিব (গৃহ) ৰবি কোটা আৰু আলফাৰ হৈ সংগঠনৰ সভাপতি অৰবিন্দ বাজখোৱা আৰু সাধাৰণ সম্পাদক অনুপ চেতিয়াই স্বাক্ষৰ কৰে। ইপিনে চুক্তিৰ ১০নং দফাত থকা এটা গুরুত্বপূর্ণ বিষয় হৈছে অসমৰ আন্তঃগাঁথনি তথা। কোটি টকা ব্যয় কৰিব। ইয়াৰ ভিতৰত অহা পাঁচ বছৰত ৬০টা আন্তঃগাঁথনিমূলক প্রকল্পৰ বাবে ব্যয় কৰা হ’ব ১ লাখ উন্নয়নমূলক প্রকল্পত কেন্দ্রীয় চৰকাৰে ১.৫ লাখ কোটি টকা। আনহাতে উন্নয়নমূলক প্রকল্পত ব্যয় হ’ব ৫০ৰ পৰা ৮০ হাজাৰ কোটি টকা। তদুপৰি আগন্তুক পাঁচ বছৰৰ বাবে ৫০০০ কোটি টকাৰ এটা বিশেষ উন্নয়নমূলক পেকেজৰ কথা সন্নিবিষ্ট হৈছে চুক্তিখনত। চুক্তিৰ ১১নং দফা অনুসৰি, কেন্দ্র আৰু ৰাজ্য চৰকাৰে প্ৰতিবছৰে ৫০০ কোটি টকাকৈ ব্যয় কৰিবলগীয়া পুঁজিৰ জৰিয়তে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট (গুৱাহাটী), স্কুল অব প্লেনিং এন্ড আর্কিটেকচাৰ, ইণ্ডিয়ান ইনষ্টিটিউটছ অব ছায়েন্স এডুকেচন এও বিছার্চ আৰু ৰে’লৰ সা-সামগ্রী প্রস্তুতকাৰী কাৰখানাকে ধৰি প্ৰায় তিনি ডজন প্রতিষ্ঠান নির্মাণ কৰা হ’ব। আনহাতে চুক্তি মতে ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবলৈ ভোটাৰ তালিকাত যাতে বিদেশী কিম্বা অবৈধ প্ৰব্ৰজনকাৰীৰ নাম অন্তর্ভুক্ত নহয় তাৰ বাবে কঠোৰ সত্যাপনৰ ব্যৱস্থা থাকিব। আনহাতে পৌৰসভা, নগৰ নিগম আৰু পঞ্চায়তত অন্যান্য পিছপৰা জাতিব সংৰক্ষণৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে এখন কমিটী গঠন কৰা হ’ব। বাস্তবত চুক্তিৰ ৪নং দফাত কোৱা হৈছে যে কর্মসংস্থাপন তথা শিক্ষানুষ্ঠানসমূহত অর্থনৈতিক সংৰক্ষণৰ বাবে অন্যান্য পিছপৰা জাতিৰ উপ শ্রেণীবিভাজন কৰাৰ বাবেও আন এখন কমিটী গঠন কৰা হ’ব। আনহাতে চুক্তিৰ ৫নং দফাত ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি নির্দেশ প্রদান কৰিব, সেয়া চৰকাৰে ৰূপায়ণ কৰিব। আনহাতে অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে সীমান্ত সুৰক্ষাত সীমান্ত আৰক্ষীক অধিক শক্তিশালী কৰা হ’ব সুৰক্ষা ব্যৱস্থাৰ দ্বিতীয় বেহু হিচাপে। লক্ষণীয়ভাবে চুক্তিৰ ৬নং দফাত ভূমিৰ অধিকাৰৰ বিষয়টোত আলোকপাত কৰা হৈছে। সেইমর্মে অসমত ভূমিৰ ৰেকৰ্ড ডিজিটেলাইজ হ’ব। ভূমিৰ মালিকানা সুনিশ্চিত কৰাৰ বাবে বিধানসভাত আইন প্রণয়ন কৰা হ’ব। একেদৰে কৃষিভূমি সুৰক্ষিত কৰা হ’ব। আনহাতে বনভূমি তথা চৰকাৰী ভূমিৰ বেদখলৰ বিৰুদ্ধে সুৰক্ষা প্রদান কৰা হ’ব। চুক্তিত থকা আন এটা তাৎপর্যপূর্ণ বিষয় হৈছে ৰাজ্যৰ বেদখলমুক্ত ভূমিক সামৰি এখন ‘লেণ্ড বেংক’ স্থাপন কৰা, য’ৰ পৰা ভূমিহীন খিলঞ্জীয়া লোকক ভূমি প্ৰদান কৰা হ’ব। ইপিনে ৰাজ্যৰ মৃতপ্রায় চাহ বাগিচাসমূহৰ সমস্যা অধ্যয়ন কৰি কেনেদৰে বাগিচাবোৰ পুনৰুজ্জীৱিত কৰিব পাৰি তাৰ বাবে এখন কমিটী গঠন কৰা হ’ব বুলি চুক্তিখনৰ ৭নং দফাত লিপিবদ্ধ কৰা হৈছে। আনহাতে চুক্তিৰ ৮নং দফাত প্রাক-স্বাধীন ভাৰতৰ অসমত থকা সাতখন জিলাত জাতীয় পৰিচিতি, সংস্কৃতি, ঐতিহ্য, শিল্পকলা আদিক লৈ অধ্যয়নৰ বাবে এখনকৈ কালচাৰেল একাডেমী এণ্ড ৰিছাৰ্চ চেন্টাৰ স্থাপনৰ কথা সন্নিৱিষ্ট কৰা হৈছে। চুক্তিত থকা আন এটা তাৎপর্যপূর্ণ বিষয় হৈছে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাকেইটাক ‘ৰাষ্ট্ৰীয় অগ্রাধিকাৰ’ প্রদান কৰাৰ কথা ঘোষণা কৰা হৈছে। উল্লেখ্য যে চুক্তিৰ ৯নং দফাত আলফাই বিচৰা মতে ৰাজ্যৰ শৈক্ষিক, ৰে’ল, বান-গৰাখহনীয়া, উদ্যোগ, পর্যটন, ক্রীড়া, কৃষি, এক্ট ইষ্ট পলিচী, দক্ষতা বিকাশ, জৈৱ ইন্ধন ক্ষেত্র, জলাশয় উন্নয়ন, ৰাস্তা আৰু দলং আদি সর্বাংগীণ উন্নয়নৰ কথাক বিশেষভাৱে স্থান দিয়া হৈছে। উল্লেখ্য যে চুক্তিৰ শেষ দফা অর্থাৎ ১২নং দফা অনুসৰি চুক্তি ৰূপায়ণৰ বাবে এখন যুটীয়া নিৰীক্ষণ কমিটী গঠন কৰা হ’ব। সমিতিত আলফাৰ দুজন নেতাক সামৰি লোৱা হ’ব। লক্ষণীয়ভাবে নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ত কেন্দ্রীয় গৃহমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ত্রিপাক্ষিক মীমাংসা চুক্তিত স্বাক্ষৰ কৰি আলফা নেতৃবর্গই নতুন দিল্লীৰেই প্ৰেছ ক্লাৱ অৱ ইণ্ডিয়াত এখন সংবাদ মেল সম্বোধন কৰি চুক্তিৰ বিষয়বস্তুৰ উপৰি আলফাৰ দুকুৰি বছৰীয়া সংগ্ৰামৰ ইতিহাসৰ সবিশেষ দাঙি ধৰে। সংবাদ মেলত সংগঠনৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, বিদেশ সচিব শশধৰ চৌধুৰী আৰু সেনা বিভাগৰ অন্যতম কমাণ্ডাৰ মৃণাল হাজৰিকা উপস্থিত থাকে। সংবাদ মেল সম্বোধন কৰি শশধৰ চৌধুৰীয়ে কয় যে ৰাজ্যৰ শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াতেই ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰটো সন্নিবিষ্ট হৈ আছে। পৰোক্ষভাৱে বিধানসভাৰ ৯৪খন আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে বাকী ৩২খন আসন বাঙালী আৰু বাংলাদেশমূলৰ সংখ্যালঘুসকলৰ বাবে থাকিব। চৌধুৰীয়ে কয় যে আমি ৮০ শতাংশ আসনৰ সংৰক্ষণ বিচাৰিছিলোঁ। ৭৬ শতাংশ পালোঁ। তেওঁ লগতে জনায় যে অহা এমাহৰ ভিতৰত সংগঠন হিচাপে আলফাক ভংগ কৰি দিয়া হ’ব। চুক্তিত আলফাৰ সাত শতাধিক সদস্যৰ পুনৰ সংস্থাপনৰ বিষয়টোও সন্নিবিষ্ট হৈ আছে। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ যি নীতি আছে, আলফাৰ ক্ষেত্রতো সেই নীতি প্রযোজ্য হ’ব। আনহাতে ভূটানৰ অপাৰেচন অল ক্লীয়েৰত নিৰুদ্দিষ্ট কিম্বা মৃত আলফা সদস্যৰ পৰিয়ালৰ বাবেও সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি চৌধুৰীয়ে সংবাদ মেলত জানিবলৈ দিয়ে। লক্ষণীয়ভাবে সংবাদ মেলত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অহাৰ আহ্বান জন্মাই কয় যে  এই চুক্তিৰ জৰিয়তে আমি বহুতো পালোঁ। পিছে যিবোৰ নাপালো এতিয়া তেওঁৰ (পৰেশ বৰুৱা) জৰিয়তে পাব পাৰো। সেয়েহে পৰেশ বৰুৱাও আলোচনাৰ মেজলৈ আহক, সেয়া আমি কামনা কৰোঁ।