চৰকাৰৰ বৰ্ষপূৰ্তিৰ দিনা অসম জাতীয় পৰিষদৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজহুৱা ঋণ গ্ৰহণৰ সকলো অভিলেখ ভংগ কৰি, চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰত উঠি, ১২শ টকীয়া হিতাধিকাৰী সৃষ্টিৰে চৰকাৰ চলোৱাটো দক্ষতা নহয়৷ ঋণ লৈ চৰকাৰ যিকোনো এজন অদক্ষ মানুহেও চলাব পাৰিব৷ ৰাজ্য চৰকাৰখনে যি হাৰে ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা বৃদ্ধি কৰি গৈ আছে, অসম এদিন দেওলীয়া হৈ পৰিব৷ – ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনা এই তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰি সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “ধ্বংসমুখী অৰ্থনীতি, দুৰ্নীতিৰ কেন্দ্ৰীকৰণ আৰু জাতীয় অস্তিত্ব-স্বাভিমানলৈ প্ৰত্যাহ্বান – এই তিনিটা হৈছে বিজেপি চৰকাৰৰ বিগত ৭ বছৰৰ প্ৰাপ্তি৷” তেওঁ কয় যে বিজেপি চৰকাৰৰ ভুল নীতিৰ ফলত ৰাজ্যৰ ব্যৱসায়-বাণিজ্যৰ অৱস্থা অত্যন্ত বেয়া হৈ পৰিছে৷ আসোঁৱাহপূৰ্ণ জি এছ টি, ছিণ্ডিকেটৰ প্ৰভাৱ, বজাৰৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণহীনতা আদি কাৰণত বিশেষকৈ থলুৱা ব্যৱসায়ীসকলে কঁকাল দাঙিব নোৱাৰা হৈছে৷ বিশেষকৈ কোভিড মহামাৰীয়ে সৃষ্টি কৰা দুৰাৱস্থাৰ পৰা অসমৰ বজাৰ অৰ্থনীতি এতিয়াও মুক্ত হ’ব পৰা নাই৷ সেই দৃষ্টিকোণত, বজাৰ অৰ্থনীতিক সমৃদ্ধ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ কুফল ভোগ কৰিছে ব্যৱসায় জগতে৷ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে কোভিডৰ ফলত ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ State Innovation & Transformation Aayog (ৰাজ্যিক উদ্ভাৱন আৰু পৰিৱৰ্তন আয়োগ) চমুকৈ SITA-ই ইয়াৰ Report On ECONOMY OF ASSAM শীৰ্ষক প্ৰতিবেদনত অসমৰ কৃষি আৰু বাণিজ্য কোভিড-পৰৱৰ্তী প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ আগবঢ়োৱা পৰামৰ্শাৱলী ৰাজ্য চৰকাৰে আন্তৰিকতাৰে কাৰ্যকৰী নকৰিলে৷আনহাতে মূলতঃ ৰাজ্য চৰকাৰৰ হিতাধিকাৰী-মুখী নীতিৰ বাবে অসমৰ কৃষি উৎপাদন উদ্বেগজনকভাৱে হ্ৰাস হ’বলৈ লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনেয়েও বানপানী বা খৰাং আদি প্ৰাকৃতিক কাৰণত ৰাজ্যৰ কৃষি উৎপাদনত নেতিবাচক প্ৰভাৱ পৰিছেই৷ তাৰ মাজতে বিগত দুবছৰত অসমত ধানৰ উৎপাদন বছৰে গড়ে ১০ শতাংশ হ্ৰাস হোৱাটো চৰকাৰৰ হিতাধিকাৰী-মুখী আঁচনিৰ কুফল৷ ক্ষুদ্ৰ,লঘু আৰু মজলীয়া উদ্যোগ (MSME) খণ্ডৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰৰ ভূমিকা একেবাৰে পুতৌলগা বুলি উল্লেখ কৰি তেওঁ কয় যে কোভিড-পৰৱৰ্তী পৰিস্থিতিয়ে কঁকাল ভাঙি দিয়া উক্ত খণ্ডটোৱে কঁকাল দাঙিবই পৰা নাই৷ SITA-ৰ Report On Economy Of Assam প্ৰতিবেদনত কোৱা হৈছিল যে অসমত উক্ত খণ্ডটোত ৫.৪ লাখ লোকে সংস্থাপন হেৰুৱাইছে৷ ইয়াৰে সৰহভাগ লোকৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা হোৱা নাই৷ আনহাতে, ৩১ মাৰ্চ, ২০২২ তাৰিখৰ ভিতৰত ১ লাখ চৰকাৰী চাকৰি আৰু ২ লাখ ব্যক্তিগত খণ্ডৰ নিযুক্তি নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তিলৈকে উক্ত লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ অন্য ২৫ লক্ষাধিক নিবনুৱাৰ সংস্থাপনৰো কোনো নীতি নাই চৰকাৰৰ৷ তদুপৰি, ৰাজ্য চৰকাৰৰ ৩ লক্ষাধিক বিষয়া-কৰ্মচাৰীৰ ৫১ হেজাৰে নিয়মীয়া দৰমহা পাই থকা নাই৷ ইয়াৰ ভিতৰত ২৫ হেজাৰ ঠিকাভিত্তিক শিক্ষক, সৰ্বশিক্ষাৰ অধীনৰ অন্য ১৬ হেজাৰ বিষয়া-কৰ্মচাৰী, ষ্টেট পুলৰ ১০ হেজাৰ শিক্ষক অন্যতম৷ একেদৰে, থলুৱা ঠিকাদাৰসকলে আদায় পোৱা নাই কামৰ অসমৰ ঠিকাদাৰসকলে ৩০ হাজাৰ কোটিতকৈ অধিক টকাৰ বিল পাবলৈ বাকী আছে৷ এজন এজন ঠিকাদাৰৰ সৈতে বহু পৰিয়ালৰ আয় জড়িত হৈ থাকে৷ বিল নোপোৱাৰ ফলত হাজাৰ হাজাৰ পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আছে৷ মুঠতে এনেদৰেই অৰ্থনীতিৰ চকৰি ঘুৰিব পৰা বিষয়সমূহত চৰকাৰৰ উদাসীনতা আৰু ভুল নীতিৰ ফলত ৰাজ্যৰ অৰ্থনীতি উদ্বেগজনকভাৱে ক্ষতিগ্ৰস্থ হৈছে বুলি ভূঞাই মত প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত সামাজিক বিকাশ সূচাংক (Social Progress Index)ত অসমৰ স্থান ভাৰতৰ মুঠ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত, অৰ্থাৎ ৩৬ৰ ভিতৰত ৩৪ নম্বৰত বুলি প্ৰকাশ পোৱাটোৱে বা তাৰ পূৰ্বে নিতি আয়োগ (NITI Ayog)-ৰ দ্বাৰা প্ৰকাশিত Sustainable Development Goal-ৰ প্ৰতিবেদনতো অসমে ভাৰতৰ নিম্নতম পাঁচখন ৰাজ্যৰ তালিকাত স্থান পোৱা আৰু Human Development Index-ত বিকাশৰ প্ৰতিটো খণ্ডতে অসমৰ স্থান একেবাৰে তলৰ পাঁচখন ৰাজ্যৰ মাজত থকাটোৱে চৰকাৰৰ ব্যৰ্থতাক প্ৰদৰ্শিত কৰে৷ভূঞাৰ মতে, অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ ৰাজ্যবাসীৰ পুৰণি দাবী৷ আৰম্ভণিৰে পৰা বিজেপিয়ে এই দাবী সনৰ্থন কৰি আহিছে আৰু চৰকাৰ আহিলে এই দিশত পদক্ষেপ গ্ৰহণ কৰিব বুলি বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু বিগত ৭ বছৰেও এই বিষয়টোও শীতলাগাৰলৈ নিক্ষেপ কৰিলে৷ অসম চুক্তি আখৰে আখৰে ৰূপায়ন আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ পৰামর্শ দিবলৈ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদন ৰূপায়নৰ প্ৰতিশ্ৰুতি বিজেপি দল আৰু ইয়াৰ নেতাসকলে দিছিল৷ কিন্তু এই দিশতো চৰকাৰৰ অগ্ৰতি শূণ্য৷ ‘সংশোধিত NRCৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়টোও বিজেপি চৰকাৰে শীতলাগাৰলৈ প্ৰেৰণ কৰি দিছে৷
