চৰকাৰে শিক্ষাৰ সামগ্ৰিক ব্যক্তিগতকৰণ- ব্যৱসায়ীকৰণৰ বিৰোধিতা এআইএছইৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ পক্ষৰ পৰা দীৰ্ঘদিনৰ পৰাই কৈ অহাৰ দৰেই বৰ্তমান চৰকাৰে শিক্ষাৰ সামগ্ৰিক ব্যক্তিগতকৰণ আৰু ব্যৱসায়িকীকৰণৰ অংশ হিচাপেই ৰাজ্যৰ একাংশ মেডিকেল আসন টকাৰ বিনিময়ত ধনীক সকলৰ ওচৰত বিক্ৰী কৰি দিয়াৰ বাবে ৰাজ্যখনৰ মেডিকেল কলেজত নাম ভৰ্তিৰ ক্ষেত্ৰত ৭ শতাংশ আসন এন আৰ আই(বিদেশত বসবাস কৰা ভাৰতীয় সকলৰ সন্তান) প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ কৰাৰ অসম চৰকাৰৰ সিদ্ধান্তৰ ফলত উদ্ভূত বিপৰ্যয়মূলক পৰিস্থিতিৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অল ইণ্ডিয়া ছেভ এডুকেচন কমিটীৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি অধ্যাপক ত্ৰিদীব গগৈ আৰু সম্পাদক অধ্যাপক প্ৰদীপ মহাপাত্ৰ’ই প্ৰদান কৰা এক বিবৃতি যোগে কয় যে, ইয়াৰ ফলত NEET পৰীক্ষাত ২০ শতাংশতকৈও কম নম্বৰ পোৱা প্ৰাৰ্থী( এন আৰ আই কোটাৰ) সকলে মেডিকেল কোৰ্চ পঢ়াৰ সুযোগ পাইছে। এই ঘটনাত মেডিকেল কলেজৰ অধ্যাপক সকলেও কিদৰে এনেধৰণৰ দুৰ্বল মেধাসম্পন্ন ছাত্ৰ ডাক্তৰ হ’ব পাৰে বুলি আশ্চৰ্য প্ৰকাশ কৰিছে। এন আৰ আই কোটাৰ নামত ৰাজ্যখনৰ উচ্চ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি দুৰ্বল মেধাযুক্ত ছাত্ৰক চিকিৎসা বিজ্ঞান অধ্যয়নৰ সুযোগ দিয়া কাৰ্য মাথোন অন্যায়-অযৌক্তিকেই নহয়, চিকিৎসকৰ হাততে মানুহৰ জীৱন-মৰণ নিৰ্ভৰ কৰা ক্ষেত্ৰত দুৰ্বল মেধাৰ ছাত্ৰক চিকিৎসক হ’বলৈ সুযোগ কৰি দিয়াৰ দ্বাৰা চূড়ান্ত জাতিধ্বংসী পৰিণতি মাতি আনিব।সেয়েহে, চৰকাৰৰ এই অন্যায় আৰু জাতি ধ্বংসকাৰী সিদ্ধান্ত অবিলম্বে বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে চৰকাৰৰ এই ধ্বংসাত্মক সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিবলৈ ৰাজ্যৰ সকলো শুভবুদ্ধিসম্পন্ন ব্যক্তিৰ প্ৰতি আমি আহ্বান জনাও।