চৰকাৰী বাণীকান্ত শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সজাগতা অভিযান
গুৱাহাটী, নিকুঞ্জ শর্মা,ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম স্বনামধন্য বি.এড মহাবিদ্যালয়; চৰকাৰী বাণীকান্ত শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ উদ্যোগত যোৱা ইং ২০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে ডিগাৰুৰ সেউজীয়া পৰিৱেশেৰে আৱৰি থকা আমচং বাগিচা আদৰ্শ বিদ্যালয়ত এখন দিনযোৰা সজাগতা অভিযান কাৰ্যসূচী উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হয়। শিক্ষাৰ সৈতে সামাজিক দায়িত্ববোধৰ সমন্বয় ঘটোৱা এই কাৰ্যসূচীয়ে বিদ্যালয়খনৰ পৰিৱেশক এক বিশেষ তাৎপৰ্য প্ৰদান কৰে।
উল্লেখযোগ্য যে বিদ্যালয়খন ২৬ মে’ ২০২২ তাৰিখে অসমৰ প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দ্বাৰা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ উপস্থিতিত শুভ উদ্বোধন কৰা হৈছিল। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঠদান আগবঢ়োৱা এই বিদ্যালয়খনত বৰ্তমান ২৫৪ গৰাকী ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি আছে। 0% বিফলতাৰ হাৰে বিদ্যালয়খনৰ শিক্ষাগত মানদণ্ড আৰু শিক্ষাৰ্থী-শিক্ষকৰ সমন্বিত প্ৰচেষ্টাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। ৮ গৰাকী নিষ্ঠাবান শিক্ষক-শিক্ষয়িত্ৰীৰ তত্বাৱধানত চলা বিদ্যালয়খনত প্ৰতিটো শ্ৰেণীকোঠাত স্মাৰ্ট ক্লাছৰ সুবিধা উপলব্ধ। বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ সহায় সহযোগিতাৰে এই বিদ্যালয়খনৰ চৌহদত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে সময়ে সময়ে।
অনুষ্ঠানটোত সমাজ বিজ্ঞান বিভাগৰ প্ৰবক্তা ড° কৃষ্ণা দেৱী বনিয়াই সমন্বয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি সুচাৰুৰূপে সমগ্ৰ কাৰ্যসূচী পৰিচালনা কৰে। কার্যসূচীৰ আৰম্ভণিতে শিক্ষক প্রশিক্ষাৰ্থী উপেন গোস্বামীয়ে স্নেহভৰা আদৰণি ভাষণ আগবঢ়াই উপস্থিত অতিথি আৰু বিদ্যালয় পৰিয়ালক উষ্ম অভ্যর্থনা জনায়। মহাবিদ্যালয়খনৰ অধ্যক্ষা ড° মৌচুমী বৰদলৈৰ লগতে প্ৰবক্তা সকল ক্ৰমে ড° কৃষ্ণা দেৱী বনিয়া, শ্ৰীমতী চিম্পী বৰুৱা, শ্ৰীমতী কৰবী ভট্টাচাৰ্য, শ্ৰীমতী মৃদুলা ডেকা, গ্ৰন্থাগাৰিক শ্ৰীমতী জ্যোৎস্না কলিতা, সমাজ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে। অতিথি সকলক কাৰ্বি জনগোষ্ঠীৰ ঐতিহ্যবাহী অংগবস্ত্ৰেৰে সম্বৰ্ধনা জনোৱা মুহূৰ্তত সাংস্কৃতিক ঐক্য আৰু পাৰস্পৰিক সন্মানৰ এক মনোমোহা পৰিৱেশৰ সৃষ্টি হয়।
সভাত পুষ্টিকৰ আহাৰৰ গুৰুত্ব, স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা, নিচা আৰু ধঁপাতৰ কু-প্ৰভাৱ, এইডছ নিৰ্মূলকৰণ আৰু কৈশোৰ অৱস্থাৰ মানসিক-আৱেগিক সমস্যা সমূহৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা হয়। অধ্যক্ষা ড° মৌচুমী বৰদলৈয়ে ভাষণত কয় যে শিক্ষাৰ মূল লক্ষ্য কেৱল পাঠ্যপুথিৰ জ্ঞান লাভ নহয়, বৰঞ্চ এজন সুস্থ, সচেতন আৰু নৈতিকভাৱে দৃঢ় নাগৰিক গঢ়ি তোলা। কৈশোৰ কালত শিক্ষাৰ্থী সকলে সন্মুখীন হোৱা বিভিন্ন মানসিক চাপেৰে কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে তেখেতে সাৱলীলভাৱে ব্যাখ্যা কৰে।
শ্ৰীমতী চিম্পী বৰুৱা, শ্ৰীমতী কৰবী ভট্টাচাৰ্য আৰু শ্ৰীমতী মৃদুলা ডেকাই কৈশোৰ কালৰ বিভিন্ন সামাজিক আৰু মানসিক সমস্যা সন্দৰ্ভত আলোচনা কৰি বাস্তৱভিত্তিক সমাধানৰ দিশ দেখুৱায়। বিশেষকৈ নিচা আৰু ধঁপাত ব্যৱহাৰৰ কু-প্ৰভাৱ সন্দৰ্ভত তথ্যভিত্তিক উপস্থাপনাই সকলোকে গভীৰ চিন্তাত নিমগ্ন কৰে। তথ্য অনুসাৰে NFHS-5 (২০১৯-২০)ত অসমত পুৰুষৰ ধঁপাত ব্যৱহাৰৰ হাৰ ৫১.৮% আৰু মহিলাৰ ২২.১%। আনহাতে GATS (২০১৬-১৭) অনুসাৰে পুৰুষৰ ক্ষেত্ৰত ৬২.৯% আৰু মহিলাৰ ক্ষেত্ৰত ৩২.৯%। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে বিদ্যালয় স্তৰত সজাগতা অভিযান সময়ৰ একান্ত দাবী।
সমাজ বিজ্ঞান বিভাগৰ শিক্ষক প্রশিক্ষাৰ্থী সকলে “নিচামুক্ত ভাৰত” গঢ়াৰ লক্ষ্যৰে এখন শক্তিশালী বাটৰ নাট প্ৰদৰ্শন কৰে। নাটখনত এখন পৰিয়ালৰ জীৱনত নিচাৰ প্ৰভাৱে কেনেদৰে ধ্বংস আনে সেই বাস্তৱ দৃশ্যপট দাঙি ধৰা হয়। উপস্থিত শিক্ষাৰ্থী আৰু অভিভাৱক সকলৰ চকুত আৱেগৰ ছাঁ পৰিলেও, সজাগতাৰ বাণীয়ে সকলোৰে অন্তৰত গভীৰ প্ৰভাৱ পেলায়।
লগতে বিদ্যালয়খনৰ ছাত্র-ছাত্রী সকলৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। “স্বচ্ছতা”, “পুষ্টি”, “নিচামুক্ত সমাজ” আৰু “এইডছ সজাগতা” শীৰ্ষক বিষয় সমূহৰ ওপৰত শিক্ষাৰ্থী সকলে সৃজনশীল চিত্ৰাঙ্কনৰ মাধ্যমেৰে নিজৰ চিন্তা-ভাবনা প্ৰকাশ কৰে। প্ৰতিযোগিতাৰ অন্তত স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলক চাৰ্টিফিকেট আৰু মেডেল প্ৰদান কৰি উৎসাহিত কৰা হয়। শিক্ষাৰ্থী সকলৰ প্ৰতিভা আৰু সামাজিক বিষয় সমূহৰ প্ৰতি সচেতনতা দেখি উপস্থিত সকলোৱে প্ৰশংসা কৰে।
বিদ্যালয়খনৰ আন এক বিশেষ গৌৰৱ হৈছে ইয়াৰ শ্ৰেণীকোঠা সমূহ অসমৰ মহান সাহিত্যিক আৰু সমাজ সংস্কাৰকৰ নামত নামাঙ্কিত। “সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা শ্ৰেণীকোঠা” লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিত নামকৰণ কৰা হৈছে। তদুপৰি “চেমছনছিং ইংতি শ্ৰেণীকোঠা” চেমছনছিং ইংতিৰ স্মৃতিত আৰু “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰেণীকোঠা” জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত নামাঙ্কিত। এই নাম সমূহে বিদ্যালয়খনত ঐতিহ্য, সাহিত্য আৰু সংস্কৃতিৰ গৌৰৱময় পৰম্পৰাক সজীৱ কৰি ৰাখিছে।
কাৰ্যসূচীৰ অন্তত ড° কৃষ্ণা দেৱী বনিয়াই শলাগৰ শৰাই আগবঢ়াই সকলোৰে সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। দিনযোৰা এই সজাগতা অভিযান কেৱল এখন আনুষ্ঠানিক কাৰ্যসূচী নহয়; ই আছিল এখন মানৱিক চেতনা জাগৰণৰ পদক্ষেপ। চাহ বাগিচাৰ সেউজীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত এই অনুষ্ঠান শিক্ষাৰ্থী সকলৰ অন্তৰত সুস্থ জীৱনশৈলী, সামাজিক দায়িত্ববোধ আৰু নৈতিক মূল্যবোধৰ বীজ ৰোপণ কৰিলে বুলি সকলোৰে বিশ্বাস।
