চৰকাৰী পেঞ্চনাৰ সন্থা অসমৰ সাধাৰণ সভা

চৰকাৰী পেঞ্চনাৰ সন্থা অসমৰ সাধাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ চাননমাৰিস্থিত লক্ষ্মীৰাম সৰালা দাস প্ৰেক্ষাগৃহত চৰকাৰী পেঞ্চনাৰ সন্থা অসম, গুৱাহাটী শাখাৰ উদ্যোগত ২০২২-২০২৪ বৰ্ষৰ দশম দ্বি বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত গুৱাহাটী শাখাৰ সভাপতি বলিন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্থাৰ সম্পাদক দিনুল ইছলাম,কেন্দ্ৰীয় কমিটীৰ সভাপতি চফিউল ৰহমান শইকীয়া,উপদেষ্টা ধনিৰাম তালুকদাৰ,উপ সভাপতি অন্নদা চৰণ ভূঞা, কাৰ্যকৰী কেন্দ্ৰীয় কমিটীৰ সদস্য ভবেন্দ্ৰ নাথ বৰ্মণ প্ৰমুখ্যে প্ৰায় ৭০ জন পেঞ্চনাৰ কৰ্মচাৰী উপস্থিত থাকে। সভাত তেওঁলোকৰ যোৱা দুবছৰৰ খতিয়ান দাঙি ধৰি হিচাব নিকাচ সম্পূৰ্ণ কৰা হয় লগতে সন্থাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান ন পুৰণিৰ সংযোজন ঘটাই নতুন কাৰ্য্যসূচী সম্পৰ্কে বিশদভাৱে আলোচনা কৰে।তেওঁলোকে জানিবলৈ দিয়া মতে চলিত মাহৰ শেষৰ ফালে অথবা জুনৰ প্ৰথম বা দ্বিতীয় সপ্তাহত পৰৱৰ্তী কাৰ্যকৰী সভা এখন অনুষ্ঠিত হব।