চৰকাৰী পেঞ্চনাৰ সন্থাৰ ডিব্ৰুগড় শাখাৰ কাৰ্য নিৰ্বাহক সভাৰ আহ্বান

চৰকাৰী পেঞ্চনাৰ সন্থাৰ ডিব্ৰুগড় শাখাৰ কাৰ্য নিৰ্বাহক সভাৰ আহ্বান

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অহা ইংৰাজী ২৫ নৱেম্বৰ তাৰিখ সোমবাৰে দিনৰ ১১-০০ বজাত , ডিব্ৰুগড়ৰ মিলন নগৰত থকা পেঞ্চনাৰ ভৱনত, চৰকাৰী পেঞ্চনাৰ সন্থা অসম , ডিব্ৰুগড় শাখাৰ এখনি কাৰ্যনিবাৰ্হক সভাৰ আহ্বান কৰা হৈছে । বিশেষকৈ অহা ২০২৪ চনৰ ১৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে ৰূপায়ণ কৰিব লগীয়া সন্থাৰ প্ৰতিষ্ঠা দিৱস আৰু পেঞ্চনাৰ পষেকৰ লগতে অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰিব লগীয়া গুৰুত্বপূৰ্ণ এই সভাখনত উপদেষ্টা মণ্ডলী, উপ-সভাপতি, যুটীয়া সম্পাদকদ্বয়, সহকাৰী সম্পাদকদ্বয়, কোষাধ্যক্ষ, সাংগাঠনিক সম্পাদকদ্বয়, প্ৰচাৰ সম্পাদকদ্বয়, সাংস্কৃতিক বিভাগৰ সম্পাদকদ্বয়, আৰু কাৰ্যনিৰ্বাহকৰ সমূহ সদস্যক উপস্থিত থাকিবলৈ পেঞ্চনাৰ সন্থাৰ ডিব্ৰুগড় শাখাৰ সম্পাদক মৃদুল শৰ্মাই অনুৰোধ জনাইছে।