চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত দিব্যাংগ মঞ্চৰ দুই নেতা

চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত দিব্যাংগ মঞ্চৰ দুই নেতা

ৰঙিলী বাৰ্ত্তাসেৱা-  এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ নামত ৰাজ্যত এটা চক্ৰই চলাই গৈছে ৰমৰমীয়া বেহা ।এনে বজাৰত দুই লাখ টকাৰ পৰা চাৰে চাৰি লাখ টকা পৰ্যন্ত উঠিছে একোটা পদৰ দৰ-দাম।ধনৰ বিনিময়ত বিশেষভাৱে সক্ষম প্রার্থীক বিশেষ নিযুক্তিৰ জৰিয়তে চাকৰি প্ৰদানৰ প্রলোভন দি আৰক্ষীৰ জালত পৰিল দিব্যাংগ সংগঠনৰ দুই স্বয়ম্ভু নেতা। ধৃত প্ৰৱঞ্চক দুটা হৈছে ক্রমে নৱজিৎ বৰ্মন আৰু চেমিম আহমেদ। উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হৈ থকা পদত নিযুক্তি দিয়াৰ নামত ৰাজ্যৰ বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল দুই প্ৰৱঞ্চকৰ বিৰুদ্ধে।’দিব্যাংগ মঞ্চ অসম’ নামৰ এটা সংগঠন খুলি সভাপতি আৰু সম্পাদক ৰূপে প্ৰৱঞ্চক দুটাই বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলক চাকৰি দিয়াৰ নামত লুণ্ঠনৰাজ চলাই আছিল। এই সন্দৰ্ভত বিগত ৮ ফেব্ৰুৱাৰীত নিপুল কলিতা নামৰ এজন বিশেষভাৱে সক্ষম প্রার্থীয়ে পাণবজাৰ আৰক্ষী থানাত এটা গোচৰ দাখিল কৰিছিল। তাৰ পিছতে নিজাকৈ চলোৱা তদন্তৰ অন্তত উক্ত গোচৰ সত্য বুলি প্রমাণ হোৱাৰ পিছতে পাণবজাৰ আৰক্ষী থানাই ৪৮/২৫ নম্বৰ গোচৰটো ৰুজু কৰি নিশা বৰাগাঁৱৰ পৰা প্ৰৱঞ্চক দুটাক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত ভুক্তভোগী নিপুল কলিতাই সদৰী কৰা মতে চাকৰিৰ নামত দীর্ঘদিন ধৰি দালালি চলাই আহিছিল ধৃত দুই প্ৰৱঞ্চকে। ‘দিব্যাংগ মঞ্চ অসম’ নামৰ সংগঠন এটা খুলি কেৱল বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ পৰা ধন সংগ্রহত ব্যস্ত আছিল দুই প্ৰৱঞ্চক। ইয়াৰ ভিতৰত নৱজিৎ বৰ্মন আৰু চেমিম আহমেদ সম্পাদক আছিল। ৰাইজে যাতে সন্দেহ নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অতি কৌশলেৰে মুখ্যমন্ত্ৰীৰ সৈতে থকা ফটো দেখুৱাই চাকৰিৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিপুল কলিতাই। তেওঁ কয় যে যি সময়ত চৰকাৰে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰি আহিছে, তেনে সময়তে মুখ্যমন্ত্ৰীৰ নাম লৈ একাংশ সংগঠনে ৰাইজক বুৰ্বক বনাই চাকৰিৰ নামত ধন সংগ্ৰহ কৰি আহিছে। অকল সেয়াই নহয়, বিভিন্ন সময়ত বিশেষভাৱে সক্ষমসকলে চৰকাৰৰ পৰা পাবলগীয়া বিভিন্ন সা-সুবিধা আদায়ৰ নামতো প্ৰৱঞ্চক দুটাই সংগঠনটোৰ বেনাৰত চৰকাৰৰ বিৰুদ্ধে আদালতত গোচৰ তৰিম বুলি কৈ বিভিন্নজনৰ পৰা ৫ হাজাৰকৈ ধন সংগ্ৰহ কৰাৰো অভিযোগ আহিছে। এই সন্দর্ভত ভুক্তভোগীসকলে কেইবাটাও কল ৰেকর্ডিং আৰক্ষীক দাখিল কৰাৰ লগতে এখন চেকো দাখিল কৰিছিল।এই সন্দর্ভত সংবাদ মাধ্যমক সদৰী কৰি পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ড° শশাংক নাথে কয় যে ধৃত প্ৰৱঞ্চক দুটাৰ বিৰুদ্ধে আৰক্ষীয়ে পর্যাপ্ত তথ্য-প্রমাণ লাভ কৰিছে। প্ৰৱঞ্চক দুটাৰ ম’বাইল ফোনৰ পৰাও বহুসংখ্যক আপত্তিজনক তথ্যপাতি উদ্ধাৰ কৰা হৈছে। প্ৰৱঞ্চক দুটাৰ ম’বাইল পোন তথা বেংক একাউন্ট আৰক্ষীয়ে জব্দ কৰি পৰীক্ষা চলাই আছে। জানিব পৰা মতে দুয়োটাৰে বেংক একাউণ্টযোগে বহু লাখ টকা লেনদেনৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে। আৰক্ষীয়ে  প্ৰৱঞ্চক দুটাক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰি নিজৰ জিম্মাত লয়।