চৰকাৰী চাকৰিৰ বজাৰ মেলা ৭ দালালক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ

Pc Northeast Now

 চৰকাৰী চাকৰিৰ বজাৰ মেলা ৭ দালালক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীত আটক ৭ দালালক। দিছপুৰ আৰক্ষীয়ে আটক কৰে দালালকেইটাক। এচিপি হিমাংশু দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হেঙেৰাবাৰী অঞ্চলৰ পৰা আটক কৰে এই দালাল চক্ৰটো। দালাল চক্ৰটোৱে জলসিঞ্চন বিভাগত অবৈধ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই আছিল। ধৃত দালালকেইটাৰ নাম নয়ন শইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, নুৰ ইছলাম আহমেদ, জয়ন্ত ডেকা, প্ৰাঞ্জল বৰ্মন আৰু জয়ন্ত দাস। দালাল কেইটাই বৰবাৰীৰ হোটেল জিবি লজৰ ০২, ০৪, ১০৮ নম্বৰ কোঠাত বাহৰ পাতি আছিল। ১৪ আগষ্টৰ পৰাই ৰফিকুল হুছেইন নামৰ এজনে বাহৰ পাতি আছিল হোটেলখনত। ৯ আৰু ১০ ছেপ্টেম্বৰত পুনৰ দুটাকৈ কোঠাত বাহৰ পাতিছিল লোককেইজনে। ২জন এতিয়াও পলাতক।  আৰক্ষীৰ ভাষ্য অনুসৰি, ইতিমধ্যে ধৃত লোককেইজনৰ পৰা লেপটপ আৰু বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰা হৈছে। লোককেইজনে হোটেলত বহিয়েই ভুৱা নিযুক্তি পত্ৰ তৈয়াৰ কৰিছিল। ৩জন মাষ্টাৰ মাইণ্ড এতিয়াও পলাতক।  এইকেইজনৰ ২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰে কোনো সম্পৰ্ক নাই। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা কেৱল দালালি কৰিবৰ বাবে আহিছিল লোককেইজন। দিছপুৰ আৰক্ষীয়ে ৭ দালালক ৭ দিনৰ নিজৰ জিম্মাত বিচাৰিব।