চৰকাৰী অনাথ আশ্ৰমত মুকলি কৰিলে বিলাসী হোটেল দেৱলাল গাৰ্লোচাৰ কাৰ্যত ক্ষুন্ন আপ ভাল পৰিৱেশত ৰাখক অনাথ শিশুক
ৰঙিলী বাৰ্ত্তাসেৱা- ডিমা হাছাও জিলাৰ বৰহাফলঙত অৱস্থিত চৰকাৰী অনাথ আশ্ৰমখন বিলাসী হোটেল হিচাপে মুকলি কৰা দেৱলাল গাৰ্লোছাৰ কাৰ্যত আচৰ্য প্ৰকাশ কৰিছে আম আদমি পাৰ্টী, অসম য়ে ৷ প্ৰায় ৩ কোটি টকাৰে নিৰ্মাণ কৰা এই অনাথ আশ্ৰমটো মুকলি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু এটা চৰকাৰী অনুষ্ঠান স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যজনে এনেদৰে হাডিং হোটেল নামেৰে বিলাসী হোটেল হিচাপে মুকলি কৰিবলৈ কোনে অনুমতি দিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে আম আদমি পাৰ্টীৰ ৰাজ্যিক সম্পাদক (প্ৰশাসন) ভিক্টৰ গগৈয়ে ৷ এক প্ৰেছ বিবৃতিত ৰাজ্যিক সম্পাদকজনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন কৰি কয় যে, দেৱলাল গাৰ্লোছাৰ এই কাৰ্যত মুখ্যমন্ত্ৰীৰ হাত আছে নেকি ? যদি মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত অজ্ঞাত তেন্তে বিষয়টোত হস্তক্ষেপ কৰি বিলাসী হোটেল কৰা কাৰ্য বাতিল কৰি অনাথ আশ্ৰম হিচাপে বাহাল ৰাখক ৷ অনাথ শিশুসকলক এনেদৰে আলৈ আথানি কৰা কাৰ্যক তীব্ৰ নিন্দা কৰি আপৰ ৰাজ্যিক সম্পাদকজনে অভিযোগ কৰি কয় যে, কেইটামান টকাৰ বাবেই দেৱলাল গাৰ্লোছাই অনাথ শিশুসকলক অন্ধকাৰলৈ ঠেলি দিব বিচাৰিছে৷ এক দুৰ্গম ঠাইত বাঁহ কাঠেৰে নিৰ্মাণ কৰা এটা গৃহত এক প্ৰতিকুল পৰিৱেশত বৰ্তমান অনাথ শিশুসকলক ৰখা হৈছে বুলি অভিযোগ কৰি আপৰ নেতাজনে শিশুসকলক শীঘ্ৰে পূৰ্বৰ স্থানলৈ স্থানান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে৷