চৰকাৰতকৈও শক্তিশালী সংবাদকৰ্মী সকল
সত্যজিৎ গগৈ,কলিয়াবৰ
এখন দেশত প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰতি মুহূৰ্ততে জনসাধাৰণৰ বাবে লৈ আহে সংবাদ কৰ্মী সকলে।তেওঁলোক হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।তেওঁলোকে দেশত চৰকাৰ বনাবও পাৰে আৰু ভাঙিবও পাৰে।তেওঁলোকৰ এনে এক শক্তি আছে।যিটো ৰাজনৈতিক নেতা সকলৰ নাই।যদি চৰকাৰে দেশ এখন পৰিচালনা কৰোঁতে কোনোবা খিনিত ভুল কৰে,তেতিয়া সংবাদ কৰ্মী সকলে তেওঁলোকক জবাবদিহি কৰিব পাৰে।সঠিক প্ৰশ্নৰে থকাসৰকা কৰিব পাৰে।প্ৰয়োজনত জনমত গঠন কৰি চৰকাৰ সলনিও কৰিব পাৰে।কিন্তু তাকেই নকৰি বৰ্তমান সময়ত সংবাদ কৰ্মী সকলৰ সৰহ সংখ্যককে চৰকাৰৰ বহতীয়া যেনহে লাগে।কেইটামান পইচাৰ লোভতেই চৰকাৰৰ ওচৰত শৰণাপন্ন হোৱা দেখা যায়।ই সমাজৰ লগতে গণতন্ত্ৰৰ বাবে অতি ভয়ানক।দেশত ইমানবোৰ ইলেক্ট্ৰনিক মেডিয়া হ’ল। চৰকাৰী খণ্ড,ব্যক্তিগত খণ্ড,কোনোবা আকৌ পৰ্টেলৰ মালিক হ’ল।কিন্তু কোনোটোৱেই চতুৰ্থ স্তম্ভ হৈ নাথাকিল।দেশৰ চুকে কোণে কাঠফুলাৰ দৰে গজি উঠা এইবোৰ মাত্ৰ একো একোটা ব্যৱসায়িক প্ৰতিষ্ঠানহে।অসমৰ বেলিকাতেই যদি সকলো সাংবাদিকৰ তালিকা প্ৰস্তুত কৰা যায়,তেন্তে কিমানজন সাংবাদিকে গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰমটো পঢ়িছে।তাক আঙুলিৰ মূৰত হিচাপ কৰিব পৰা যাব।তাৰ মানে অসমভূমিত বেছিভাগেই নকল সাংবাদিক আছে।প্ৰকৃততে সাংবাদিকতাই কি শিকাই?চৰকাৰৰ সৈতে উঠা বহা কৰিবলৈ নে দেশৰ ভিতৰৰ বেয়াবোৰক আঁতৰাই সঁচা আৰু শুদ্ধটোক প্ৰতিষ্ঠা কৰিবলৈ!এতিয়া কথাবোৰ এনে পৰ্যায় পাইচেগৈ যে কোনো এজন সংবাদকৰ্মীয়ে নেতা সকলক সঠিক প্ৰশ্নেৰে থকাসৰকা কৰিব নোৱাৰে।আনকি এজন অশিক্ষিত নেতাই দেশৰ গোটেই শাসন ব্যৱস্থাটোকেই আঙুলিৰ মূৰত নচুৱাই থাকিব পাৰিছে। আই.এছ,আই.পি.এছ,এ.পি.এছ কোনো বিষয়াকেই কেৰেপ নকৰা অশিক্ষিতৰ হাতলৈ যেতিয়া দেশৰ শাসন ভাৰ যাব।তেতিয়া দেশখন ভাঙিবলৈ বেছি সময় নালাগিব। এইবোৰৰ পৰা দেশক ৰক্ষা কৰাটোৱেই হৈছে সংবাদকৰ্মী সকলৰ দায়িত্ব আৰু কৰ্তব্য।