চৰকাৰখন নিৰপেক্ষ হওক-সত্যজিৎ গগৈ

চৰকাৰখন নিৰপেক্ষ হওক
বৰ্তমান অসমৰ সমাজ ব্যৱস্থা আৰু ৰাজনৈতিক অৱস্থাৰ কথা সকলোৰে জ্ঞাত।এফালে অলপ মান ভাল হ’লে আন ফালে বেছিকৈহে বেয়া হ’য়।এদিন এটা ভাল কথা কলে পিচদিনা দুটা বেয়া কথা কোৱা হ’য়।চৰকাৰৰ চকুত পুঠি খলিহনা বোৰ সদায় অপৰাধী কিন্তু ৰৌ বৰালিবোৰ সদায় ভাল।একেইখন চৰকাৰৰেই এজন মুখ্যমন্ত্ৰী থাকোতে মূল অপৰাধী বোৰক ধৰিছিল।কিন্তু আনজন মুখ্যমন্ত্ৰী অহাৰ লগে লগে সেই মূল অপৰাধী সকল মুকলি আকাশৰ তললৈ আহিল।আনহাতে বহু পুঠি খলিহনা অথবা নিৰপৰাধী সকলক অপৰাধী সঁজোৱা হ’ল।যিজন মুখ্যমন্ত্ৰী থাকোঁতে সমন্নয়ৰ বাৰ্তা বৈছিল।বৰাক-ব্ৰক্ষ্মপুত্ৰ সকলো এক আছিল।চেনেহৰ এনাজৰী ডাল কটকটীয়া হৈছিল।কিন্তু পিচৰ জন মুখ্যমন্ত্ৰী অহাৰ লগে লগে পূৰ্বৰ সকলো সমন্নয় ভাঙি চূৰমাৰ হ’ল। যি সকলক পাৰি নিজৰ হাতৰ মুঠিত ৰাখিলে।বাকী থকা সকলক ব্যক্তিগত শত্ৰুতাৰ বাবেই অপৰাধী সঁজোৱা হ’ল।
      এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কিয় সকলোকে সমান চকুৰে চাব নুখুজে!ৰাজ্যখনৰ মুৰব্বী বুলিয়েই ইমান অহংকাৰ নে!যদি মুখ্যমন্ত্ৰী জন ৰজা হয় তেন্তে প্ৰজা সকলক সুৰক্ষা দিয়া,ৰাজকীয় সকলো ধৰণৰ সা-সুবিধা দিব লাগে।পিচে এই খন অসমত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিভাগৰ মন্ত্ৰী সকলে নিজৰ সম্পত্তি বঢ়োৱাৰ বাবেহে চেষ্টা কৰা দেখা গৈছে।ৰজাই প্ৰজাসকলক সুলভ মূল্যত খাদ্য সামগ্ৰী যোগান ধৰাৰ বিপৰীতে অত্যাধিক মূল্যত ক্ৰয় কৰাহে দেখা গৈছে।দৈনন্দিন ব্যবহৃত প্ৰতিটো সামগ্ৰীৰে দাম বৃদ্ধি কৰিছে।দুৰ্নিতি বন্ধ কৰাৰ বিপৰীতে বৃদ্ধিহে কৰা হৈছে।এইবোৰৰ প্ৰতি চৰকাৰে চকু দিব লাগে।চলিত বিধান সভাত নেতা সকলক দেখিলে মাছৰ বজাৰত দৰ-দাম কৰা গ্ৰাহক যেন লাগে।প্ৰতিশোধত এজনে আনজনৰ ওপৰত জপিয়াই পৰা দেখা যায়।এনেদৰে থাকিলে অসম কেতিয়া উন্নতিৰ পথত আগুৱাব?মুখ্যমন্ত্ৰী মহোদয়,আপুনি নিজকে সৰ্বেসৰ্বা বুলি ভৱাতকৈ নিৰপেক্ষ হ’বলৈ যত্ন কৰক।
সত্যজিৎ গগৈ
চাচনি