চ্যুকাফা যুৱক সংঘৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ সফল সামৰণি
বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষকে একো একোজন ছাত্ৰৰ জীৱনত ভৱিষ্যৎ বিকাশৰ গতিপথ নিৰ্ণয় কৰিব পাৰে। ছাত্ৰ ছাত্ৰী সকলে শিক্ষা আহৰণৰ জৰিয়তে নিজক উপযুক্তভাৱে প্ৰয়োগ কৰি স্ব নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। সেয়ে এখন সমাজৰ কেন্দ্ৰস্থ ব্যক্তি শিক্ষকসকল আৰু স্বাভাৱিকতেই সমাজ বা সম্প্ৰদায়ৰ প্ৰতি শিক্ষকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য থকাৰ কথা অনুভৱ কৰা হয় আৰু সেই অনুভৱৰ স্বীকৃতি স্বৰূপ খনাজান আহোম গাঁৱৰ শিক্ষক সমাজ। যোৱা ১৩ জুলাই তাৰিখৰ পৰা ২৪ জুলাই তাৰিখলৈকে মুঠ ১২ টা দিন চ্যুকাফা যুৱক সংঘৰ উদ্যোগত সভাপতি মানস গগৈ সম্পাদক বিষেশ্বৰ গগৈ কোষাধ্যক্ষ গুণীণ গগৈৰ লগতে ৰুবুল গগৈ আৰু ঋষিকেশ বুঢ়াগোহাঁইৰ নেতৃত্বত প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ এইটৰ ছাত্ৰ ছাত্ৰীসকলক খনাজান আহোম গাঁৱৰ হৰি মন্দিৰত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আগবঢ়ালে শিক্ষক ক্ৰমে উপেন দাস প্ৰশান্ত বুঢ়াগোহাঁই বাবুল গগৈ সংগীতা গগৈ যাদৱ গগৈ আৰু বিষেশ্বৰ গগৈয়ে। ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব গঠন আৰু সমাজৰ হিত সাধন কৰি তোলাৰ ক্ষেত্ৰত গাওঁখনৰ শিক্ষক সকলে যি গুৰু দায়িত্ব পালন কৰিছে এই ক্ষেত্ৰত শলাগ লৈছে খনাজান আহোম গাঁৱৰ গাওঁবাসী ৰাইজে।