চৌপাশৰ গান
সত্যজিৎ গগৈ,বামুণী গাওঁ
ঘৰৰ কোঠালিবোৰ সৰু হলেও
প্ৰতিটো কোঠাতেই একোখনকৈ খিৰিকী লাগে
খিৰিকী বোৰত পৰ্দা
পৰ্দাবোৰ ৰঙীন নহলেও কোনো কথা নাই,
এটা প্ৰাৰ্থনা ঘৰ সৰুকৈ
নামঘোষা আৰু গুণমালাৰ গোন্ধত
আমোলমোলাই থাকিব পৰাকৈ
সন্ধিয়াৰ জোনবাইক আনি তাতে বহুৱাবলৈ,
অতিথি কোঠাৰ একোণত এটা গ্ৰন্থাগাৰ
সময় পালেই পঢ়িব পাৰি আৰু
পাব পাৰি জ্ঞানৰ ভাণ্ডাৰ
চোতালৰ একাষত ফুলৰ বাগিচা
পদূলিৰ দুয়োকাষে নাৰিকল দুজোপা,
পূৱ দিশত এটা গোহালি
পশ্চিম দিশত এখন বাৰী
উত্তৰ দিশত এটা ভঁড়াল
দক্ষিণ দিশত লাগে গড়াল,
আগফালে এখন তামোলৰ বাৰী
তাতে পাণ থাকিব লাগে শাৰী শাৰী
বাৰীৰ ঢাপে ঢাপে লাগে নিম গছৰ পুলি
আৰু চহ কৰি খাবলৈ এডৰা মাটি,
শিশুহঁতক খেলিবলৈ দিব লাগে বৰষুণত তিতি
নাৰিকলৰ টুকুৰাৰে ল’বলৈ দিব লাগে ধূলি
মাটি আৰু পানী পালে
দূৰলৈ উৰি যোৱা চৰাইটোৱেও
পুনৰ আহিব সঁজালৈকে ঘূৰি।